ৰাজ্য কঁপোৱা বটদ্ৰৱা কাণ্ডৰ নিপীড়িতাৰ পৰিয়ালক আৰ্থিক সাহায্য প্ৰদান নগাঁও জিলা আইন সেৱা প্ৰাধিকাৰীৰ

ৰাজ্য কঁপাই যোৱা বটদ্ৰৱা বলাৎকাৰ কাণ্ডৰ নিপীড়িতাৰ পৰিয়ালক মঙলবাৰে নগাঁও জিলা আইন সেৱা প্ৰাধিকাৰীৰ তৰফৰ পৰা এককালীন অৰ্থসাহায্য হিচাপে তিনি লাখ টকাৰ চেক প্ৰদান কৰা হয়।
কালি নিপীড়িতাৰ পিতৃগৰাকীক উক্ত ধন ৰাশি প্ৰদান কৰে নগাঁও জিলা আইন সেৱা প্ৰাধিকাৰীৰ সম্পাদিকা প্ৰণিতা মৰাঙে।
উল্লেখ্য যে, প্ৰাধিকাৰীৰ সম্পাদিকা প্ৰণিতা মৰাঙে নিপীড়িতা গৰাকীৰ পিতৃ নিৰক্ষৰ বুলি জানিব পাৰি ক্ষতিপূৰণ সংক্ৰান্তীয় যাৱতীয় বেংকৰ কাম-কাজসমূহ নিয়াৰীকৈ কৰিৱলৈ বটদ্ৰৱা শাখাৰ অসম গ্ৰামীণ বিকাশ বেংকৰ পৰিচালকগৰাকীক বিশেষভাবে অনুৰোধ কৰে।
ইয়াৰ উপৰি এই সংক্ৰান্তত নগাঁৱৰ এজন অৰ্ধআইনী স্বেচ্ছাসেৱকক সহায়ৰ হাত আগবঢ়াবলৈ নিয়োগ কৰি দিছে বুলি জানিব পৰা গৈছে।