NORTHEAST NOW (Assamese)
অসম

বাওঁপন্থাত বিশ্বাসীক শুভেচ্ছা জনাই বিপদত পৰিল বিজেপিৰ নেতা; বাধ্য হ’ল পদত্যাগ কৰিবলৈ

September 19, 2018 10:13 am
Suranjan Dutta Post

মতাদৰ্শগত বিপৰীত মেৰুত থকা সত্ত্বেও এজন অসমীয়া হিচাপে আন এজন অসমীয়াৰ সাফল্যত শুভেচ্ছা জ্ঞাপন কৰাটো তেনেই স্বাভাৱিক কথা। কিন্তু সেইটো কৰিয়েই বিপদত পৰিল অসম ৰাজ্যিক বিজেপিৰ আই টি চেল তথা ছ’চিয়েল মিডিয়া বিভাগৰ সহঃ আহ্বায়ক সুৰঞ্জন দত্ত। অৱশেষত তেওঁ পদত্যাগ কৰিবলৈ বাধ্য হ’ল।

যোৱা ১৬ তাৰিখে ঘোষিত হোৱা দিল্লীৰ জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচনত বাওঁ মহাজোঁটৰ প্ৰাৰ্থী হিচাপে জয়ী হোৱা অসমৰ সৃজনী ভাস্ব মহন্তক শুভেচ্ছা দি সুৰঞ্জন দত্তই নিজৰ টাইমলাইনত সৃজনীৰ উক্ত বিজয়ৰ মুহূৰ্তৰ ফটো সম্বলিত পোষ্ট শ্বেয়াৰ কৰিছিল।

ইয়াৰ পিছতে দলৰ কৰ্মী-সমৰ্থক আৰু গেৰুৱা মতাদৰ্শত বিশ্বাসী অলেখজনৰ ব্যাপক প্ৰতিক্ৰিয়া আৰু সমালোচনাৰ সন্মুখীন হয় দত্ত। দত্তই ‘এগৰাকী অসমীয়া জীয়ৰীৰ সফলতা হিচাপেহে সৃজনীক শুভেচ্ছা দিছে, সমৰ্থন কৰা নাই’ বুলি স্পষ্টীকৰণ দিয়ে। লগতে কয়, “তেওঁক শুভেচ্ছা দি মানুহ হিচাবে সৌজ্যনতা প্ৰকাশ কৰিলো।”

এই স্পষ্টীকৰণৰ পিছতো বিভিন্ন প্ৰশ্নবাণেৰে তেওঁক আক্ৰমণ কৰে গেৰুৱা দলটোৰ সমৰ্থকসকলে। গেৰুৱা আদৰ্শৰ সমৰ্থকসকলৰ ভাষ্যৰ মূল বক্তব্য হ’ল, অসম-অসমীয়াৰ জাতীয়তাবাদ ডাঙৰ নহয়, হিন্দুত্বৰ আদৰ্শহে ডাঙৰ।

দলটোৰ এজন সমৰ্থকে লিখিছে, “JNU Student union election ত অসমীয়া ছোৱালীয়ে সফলতা লাভ কৰিছে সেয়া একো ডাঙৰ কথা নহয়। লাগিলে ই মোৰ তেজ মঙহৰে হওক ..”।

অগ্নিভ দত্ত নামৰ এজন লোকে ইতিকিং কৰি লিখিছে, “কেতিয়াবা কামৰুজ জামানক লৈও জাতীয় প্ৰেম নহয় যাতে।”

আন এগৰাকীয়ে লিখিছে, “যোৰহাটৰ ছোৱালীজনীৰ কথা মনত আছে নহয় দাদা নে পৰিবৰ্তনৰ ফলত পাহৰিলে ।।”

উত্তৰত সুৰঞ্জন দত্তই লিখিছে, “আক্ৰোশেৰে একো নহয় ভনী”।

এইদৰে ব্যাপক ৰোষৰ সন্মুখীন হোৱা সুৰঞ্জন দত্ত তেওঁৰ পোষ্টটোক লৈ ৰাজ্যিক নেতৃত্বৰো ভৰ্ৎসনাৰ সন্মুখীন হোৱা বুলি জানিব পৰা গৈছে। ফলত দত্তই পিছদিনা পুৱাই আন এটা পোষ্টত ক্ষমা বিচাৰে।

Suranjan Dutta
সুৰঞ্জন দত্তৰ পদত্যাগ পত্ৰখন।

কিন্তু ঘটনাটোৱে অধিক গম্ভীৰ ৰূপ লয় আৰু ১৭ তাৰিখৰ সন্ধিয়া দায়িত্বৰ পৰা পদত্যাগ কৰিবলৈ বাধ্য হয়। তেওঁ নিজৰ ভুল হোৱা বুলি আৰু তেওঁৰ পোষ্টটোৱে দলৰ কাৰ্য্যকৰ্তাক আঘাত দিয়া বুলি উল্লেখ কৰি পদত্যাগৰ অনুমতি বিচাৰি ৰাজ্যিক সভাপতি ৰঞ্জিত দাসলৈ পত্ৰ প্ৰেৰণ কৰে। তেওঁ নিজৰ টাইমলাইনতো পদত্যাগ পত্ৰখন প্ৰচাৰ কৰাৰ লগতে লিখে, “সুহৃদগণ,
যি সকলক মৰ্মাহত কৰিলো কৰযোৰে ক্ষমা বিচাৰিলো….. দ্বায়িত্বৰ পৰা অব্যাহতি বিচাৰিছো।” লগতে অধিক বিতৰ্ক নকৰিবলৈ আহ্বান জনায়।

ছ’চিয়েল মিডিয়াত ঘটনাটোৰ প্ৰতিক্ৰিয়া দি বহুতে প্ৰশ্ন কৰিছে, নিজৰ মতাদৰ্শৰ সৈতে মিল নথকা বাবেই এজন অসমীয়া হিচাপে আন এজন অসমীয়াৰ সাফল্যত অভিনন্দন জনোৱাটোত ভুল ক’ত? ‘উগ্ৰ ৰাষ্ট্ৰীয়তাবাদৰ আদৰ্শত বিশ্বাসী বিজেপি আৰু আৰ এছ এছ তথা এ বি ভি পিৰ ওচৰত অসমীয়াত্বৰ কোনো মূল্য নাই নেকি’ বুলি প্ৰশ্ন উত্থাপন হোৱা দেখা গৈছে।