NORTHEAST NOW (Assamese)
অসম

বেংকৰ ধৰ্মঘটৰ ফলত পৰি ৰৈছে ২৩,০০০কোটি টকাৰ চেক

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ January 31, 2020 5:43 pm
Story-1-25-1140x570

দৰমহা বৃদ্ধিৰ ক্ষেত্ৰত শীঘ্ৰে সিদ্ধান্ত গ্ৰহণৰ দাবীত বেংক কৰ্মীসকলে পালন কৰা দুদিনজোৰা ধৰ্মঘটৰ ফলত শুকুৰবাৰে উত্তৰ-পূৰ্বাঞ্চলৰ বেংক সেৱাত ব্যাপক প্ৰভাৱ পৰে।

বেছিভাগ বেংকৰ শাখাই বন্ধ থকাৰ লগতে বহু এটিএমত নগদ ধন নোহোৱা হৈ পৰিছে।

নিখিল ভাৰত বেংক কৰ্মচাৰী সংস্থা  (AIBEA) সাধাৰণ সম্পাদক  চিএইচ ভেংকটাচলমে জানিবলৈ দিয়ে যে প্ৰায় প্ৰায় ২৩,০০০ কোটি টকাৰ প্ৰায় ৩১ লাখ চেক মুম্বাই, চেন্নাই আৰু দিল্লীত ধৰ্মঘটৰ বাবে ক্লিয়েৰ নোহোৱাকৈ পৰি ৰৈছে।

উত্তৰ-পূৰ্বাঞ্চলতো পৰিস্থিতি একেই আৰু ইয়াতো লক্ষাধিক চেক ক্লিয়েৰ নোহোৱাকৈ পৰি ৰৈছে।

দেশখনত বেংকৰ লেনদেনত ব্যাপক প্ৰভাৱ পৰা পৰিলক্ষিত হৈছে।

অৰ্থনৈতিক জৰীপ দাঙি ধৰা আজিৰ এই দিনটোতে ধৰ্মঘট পালন কৰা হৈছে আৰু শনিবাৰে বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমনে তেওঁৰ দ্বিতীয়খন বাজেট উত্থাপন কৰিব।

বেংক কৰ্মচাৰীসকলে লগতে কয় যে বেংকৰ দৰমহাৰ সংশোধনৰ মীমাংসা ২০১৭ৰ নৱেম্বৰৰ পৰাই পৰি আছে যাৰ অন্তিমটো মীমাংসা সেই বছৰৰে অক্টোবৰতে সম্পন্ন হৈছিল।

বেংক মেনেজমেন্ট আৰু আৰু ইণ্ডিয়ান বেংকছ এছোচিয়েশ্যন (আই বি এ) য়ে মূল্যবৃদ্ধি আৰু কৰ্মচাৰীসকলৰ কামৰ হেচাৰ প্ৰতি লক্ষ্য ৰাখি সামান্যতম দৰমহা বৃদ্ধিৰে তেওঁলোকৰ দাবীৰ মীমাংসা কৰিবলৈ আগবাঢ়ি অহা নাই।

অৱশ্যে, এই সন্দৰ্ভত বিগত ৩০ মাহ ধৰি আলোচনা অব্যাহত আছে।