NORTHEAST NOW (Assamese)

জলবায়ু পৰিৱৰ্তনৰ বিৰুদ্ধে যুঁজিবলৈ আই আই টিৰ চাকৰি এৰা কোন এই প্ৰকৃতি প্ৰেমী…

September 18, 2025 1:00 pm · এন ই নাও নিউজ, গুৱাহাটী

ভাৰতৰ “সৌৰ মানুহ” আৰু “সৌৰ গান্ধী” নামেৰে জনাজাত অধ্যাপক চেতন সিং সোলাংকিয়ে কেৱল জলবায়ু পৰিৱৰ্তনৰ বিৰুদ্ধে যুঁজ দিবলৈ নিজকে উৎসৰ্গ কৰিছে প্ৰকৃতিৰ ওচৰত। জলবায়ু পৰিৱৰ্তনৰ বিৰুদ্ধে যুঁজিবলৈ আই আই টি বম্বেৰ চাকৰি এৰি প্ৰকৃতি ৰক্ষাৰ যুঁজত নামি পৰিছে তেওঁ। মধ্যপ্ৰদেশৰ এটা নম্ৰ খেতিয়ক পৰিয়ালৰ সন্তান সোলাংকিয়ে আই আই টি বম্বেত শিক্ষা লাভ কৰাৰ পিছত ইউৰোপৰ পৰা সৌৰশক্তিত পিএইচডি লাভ কৰে আৰু ২০০৪ চনত দেশলৈ উভতি আহে।

আই আই টিত থাকোতে তেওঁ কিতাপ ৰচনা কৰি, পেটেণ্ট লাভ কৰে, অনলাইন পাঠ্যক্ৰম সৃষ্টি কৰে আৰু দেশৰ সৰ্ববৃহৎ সৌৰ গৱেষণা কেন্দ্ৰ প্ৰতিষ্ঠা কৰে। ২০২০ চনত তেওঁ সৌৰশক্তি চালিত বাছত সমগ্ৰ দেশ ভ্ৰমণ আৰম্ভ কৰে, য’ত তেওঁ ১১ বছৰৰ বাবে ঘৰলৈ নোযাবলৈ শপত লয়। পাঁচ বছৰত ৬৮ হাজাৰ কিলোমিটাৰ ভ্ৰমণ কৰি ১৬৫০ টাতকৈ অধিক বক্তৃতা প্ৰদান কৰে। তেওঁ লক্ষ্য কৰে যে বহু লোক আৰু সংগঠনে প্ৰয়োজনীয় গুৰুত্ব নিদিয়ে, সেয়েহে তেওঁ ‘শক্তি পাঠ’ আৰু ‘ইন্দোৰ জলবায়ু অভিযান’ৰ দৰে উদ্যোগ হাতত লয়।

তেওঁ কয় যে সমস্যাটো জনাৰ লগে লগেই প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰা উচিত। তেওঁ সকীয়াই দিয়েযে ২০-২৫ বছৰত পৃথিৱীখন ২ ডিগ্ৰী চেলচিয়াছ উষ্ণ হ’ব পাৰে, যাৰ ফলত জীৱন অতি কঠিন, ব্যয়বহুল তথা অসম্ভৱও হৈ পৰিব পাৰে। তেওঁৰ মতে পৃথিৱীৰ সম্পদ সীমিত, সেয়েহে অট্টালিকা, গাড়ী, কাপোৰ আদি বস্তুৰ অনিয়ন্ত্রিত ব্যৱহাৰ কমাব লাগিব।

মানৱজাতিক পদক্ষেপ ল’বলৈ অনুপ্ৰাণিত কৰাৰ বাবে তেওঁ ‘লিমিটেড অৰ্থ মুভমেণ্ট’ আৰম্ভ কৰিছে, যাৰ লক্ষ্য তিনিবছৰত এক বিলিয়ন লোকক সচেতন কৰা। আই আই টিত তেওঁৰ শেষ দিন হ’ব ২০২৫ চনৰ ২৩ অক্টোবৰ। বৰঞ্চ বৃহত্তৰ উদ্দেশ্য পৃথিৱী বচাবলৈ তেওঁ এই পথ বাছি লৈছে।

Related News