NORTHEAST NOW (Assamese)
Popular Stories

অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীৰ অত্যাধিক মূল্য বৃদ্ধিৰ পাৰিপেক্ষিতত তীব্ৰ প্ৰতিবাদ ছাত্ৰ মুক্তি আৰু কৃষক মুক্তি সংগ্ৰাম সমিতিৰ

Posted by: নৰ্থ ইষ্ট নাও, গুৱাহাটী Updated by: নৰ্থ ইষ্ট নাও, গুৱাহাটী October 22, 2024 5:15 pm

অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীৰ অত্যাধিক মূল্য বৃদ্ধিয়ে সৰ্বসাধাৰণ জনতাক জ্বলাকলা খোৱাইছে যদিও নীৰৱ দৰ্শক হৈ আছে যোগান বিভাগ।

ইয়াৰ পাৰিপেক্ষিতত আজি শিৱসাগৰত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ছাত্ৰ মুক্তি আৰু কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে।

শিৱসাগৰ দৌলমুখ চাৰিআলিত যোগান মন্ত্ৰী ৰনজিৎ দাসৰ প্ৰতিকৃতি হাতত লৈ প্ৰতিবাদ কৰে সংগঠন দুটাই।

ছাত্ৰ মুক্তি আৰু কৃষক মুক্তিৰ শতাধিক কৰ্মী তথা বিষয়ববীয়াই মূল্য বৃদ্ধি ৰোধ কৰক, যোগান বিভাগ হায় হায় , ৰনজিৎ দাস মুৰ্দাবাদ আদি শ্লোগান দি পৰিৱেশ উত্তাল কৰি তোলে। প্ৰতিবাদকাৰী আৰু আৰক্ষীৰ মাজত সৃষ্টি হয় হতাহতি । পিছত পৰিস্থিতি নিয়ন্ত্ৰণ কৰে আৰক্ষীয়ে।

কাৰ্যসূচীত অংশগ্ৰহণ কৰি কৃষক মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় সাংগঠনিক সম্পাদক ৰিতুমণি হাজৰিকাই ৰণজিৎ দাসক যোগান মন্ত্ৰীৰ পৰা পদত্যাগৰ দাবী তোলে। যোগান বিভাগে চকু মোদা কুলিৰ ভাও ধৰি থকা বুলিও ক্ষোভ প্ৰকাশ কৰে হাজৰিকাই।