NORTHEAST NOW (Assamese)

কোভিডৰ ভেকচিন কোভাক্সিনৰ বিৰুদ্ধে আপত্তি দৰ্শালে এই গৰাকী স্বাস্থ্য মন্ত্ৰীয়ে,কোন তেওঁ

January 11, 2021 12:23 pm · এন ই নাও নিউজ
Updated: January 11, 2021 1:45 pm

১৬ জানুৱাৰীৰ পৰা দেশজুৰি আৰম্ভ হ’ব কোভিড ভেকচিন প্ৰয়োগৰ প্ৰক্ৰিয়া।

এনে সময়তে দেশৰ এখন ৰাজ্যৰ এগৰাকী স্বাস্থ্য মন্ত্ৰীয়ে ভাৰত বায়’টেকে প্ৰস্তুত কৰা ১০০ শতাংশ ঘৰুৱা প্ৰযুক্তিৰ কোভিডৰ ভেকচিন কোভাক্সিনৰ ওপৰত সন্দেহ ব্যক্ত কৰাৰ কথাই চাঞ্চল্যৰ সৃষ্টি কৰা দেখা গৈছে।

ছট্টিশগড়ৰ স্বাস্থ্যমন্ত্ৰী টি এছ সিং ৰাৱে ভাৰতৰ নিজা কোভিড ভেকচিন বিধৰ বিষয়ে মন্তব্য কৰি কৈছে যে ভেকচিন বিধকলৈ তেওঁ আত্মবিশ্বাসী নহয়।

সেয়ে ভেকচিন বিধ দেশবাসীয়ে গ্ৰহণ কৰিব লাগে নে নাই সেই বিষয়ত তেওঁ গভীৰ প্ৰত্যয়েৰে একো কথাই ক’ব নোৱাৰে।

কোভাক্সিনৰ প্ৰসংগত মন্তব্য কৰি তেওঁ কয় যে ভেকচিন বিধৰ তৃতীয় পৰ্যায়ৰ পৰীক্ষণ চলি আছে যদিও এতিয়ালৈকে এই পৰীক্ষণৰ সম্পূৰ্ণ ফলাফল প্ৰকাশ পোৱা নাই।

সেই বাবেই তেওঁ ভেকচিন বিধৰ কাৰ্যকাৰীতাকলৈ নিশ্চিত হ’ব পৰা নাই।

ভাৰতৰ ড্ৰাগছ কন্ট্ৰলাৰে ভেকচিন বিধৰ জৰুৰী প্ৰয়োগত অনুমোদন জনাইছে যদিও তৃতীয় পৰ্যায়ৰ ফলাফল নজনাকৈ দেশবাসীয়ে ভেকচিন বিধ গ্ৰহণ কৰা উচিৎ নহ’ব বুলি তেওঁ কয়।

কংগ্ৰেছ শাসিত ৰাজ্য ছট্টিশগড়ত চৰকাৰকে কোভাক্সিনৰ প্ৰয়োগ কৰিবলৈ দিয়া উচিৎ নহ২ব বুলিও তেওঁ মন্তব্য কৰে।

উল্লেখ্য ৩ জানুৱাৰীত ভাৰতৰ ড্ৰাগছ কন্ট্ৰলাৰে কোভিশ্বিল্ড আৰু কোভাক্সিনৰ ব্যৱহাৰত অনুমোদন জনাইছে।

Related News