NORTHEAST NOW (Assamese)
অসম

সুনীল ছেত্ৰীৰ চমকেৰে ছাফ্ চেম্পিয়নশ্বিপৰ ফাইনেলত ভাৰত

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী October 14, 2021 10:57 am
India enter in SAFF Championships final

দেশৰ তাৰকা খেলুৱৈ তথা অধিনায়ক সুনীল ছেত্ৰীৰ চমকেৰে অন্তিম লীগ মেচত আয়োজক মালদ্বীপৰ বিৰুদ্ধে ৩-১ গ’লৰ জয়েৰে ছাফ্(SAFF) চেম্পিয়নশ্বিপৰ ফাইনেলত প্ৰৱেশ কৰিছে ভাৰতে।

মনবীৰ সিঙে ভাৰতৰ হৈ মেচখনত ৩৩ মিনিটত ভাৰতক আগুৱাই নিয়াৰ পিছত ছেত্ৰীয়ে ৬২ আৰু ৭১ মিনিটত গল স্ক’ৰ কৰে।

ফাইনেলত প্ৰৱেশৰ বাবে ভাৰতীয় দলে এই খেলখনত জয় লাভ কৰাটো অনিবাৰ্য আছিল।

আজিৰ সমগ্ৰ খেলখনত ভাৰতে প্ৰথমৰ পৰাই আধিপত্য বিস্তাৰ কৰে। খেলৰ ২৭ মিনিটত এটা দৰ্শনীয় আক্ৰমণে ভাৰতক প্ৰায় গলৰ দুৱাৰদলিত থিয় কৰাইছিল। কিন্তু ব্ৰেণ্ডন ফাৰ্ণাণ্ডেজৰ কৰ্ণাৰ বলত সুনীল ছেত্ৰীৰ এটা হেডাৰে ক্ৰছবাৰত আঘাত কৰি উভতি আহে।

২৮ মিনিটত ভাৰতীয় গলবক্সৰ ভিতৰত মালদ্বীপৰ হৈ আশফাকে এটা বিপদজনক শ্বট মাৰিছিল কিন্তু ভাৰতৰ এজন ডিফেণ্ডাৰে এই কোবাল শ্বটটো বাধা দিয়ে।

পাঁচ মিনিটৰ পিছত ৩৩ মিনিটত মনবীৰে মালদ্বীপৰ গলৰক্ষকক পৰাভূত কৰি ভাৰতক অগ্ৰগতি প্ৰদান কৰে।

প্ৰথমাৰ্দ্ধ অন্ত পৰাৰ কিছু সময় আগে আগে আশফাকে এটা পেনাল্টিৰ সুযোগ কাৰ্যকৰী কৰি মালদ্বীপৰ হৈ সমতা স্থাপন কৰে।

খেলৰ ৫১ মিনিটত ভাৰতৰ মুখ্য প্ৰশিক্ষক ইগৰ ষ্টিমাকে ব্ৰেণ্ডন ফাৰ্ণাণ্ডেজৰ ঠাইত উইঙ্গাৰ উদান্ত সিঙক ফিল্ডত নমায়।

ইয়াৰ ঠিক পিছতে ৬২ মিনিটত ভাৰতে দ্বিতীয়টো গলৰ মুখ দেখে। মালদ্বীপৰ গলবক্সৰ ভিতৰত এপুয়াৰ পৰা অহা এটা ক্ৰছত মনবীৰে সুনীল ছেত্ৰীৰ বাবে সুযোগৰ সৃষ্টি কৰে আৰু ছেত্ৰীয়ে ইয়াক গললৈ ৰূপান্তৰ কৰি ভাৰতক পুনৰ অগ্ৰগতি প্ৰদান কৰে।

খেলৰ ৭১ মিনিটত তাৰকা খেলুৱৈজনে এটা দৰ্শনীয় হেডিঙেৰে ব্যক্তিগত দ্বিতীয়টো আৰু দলৰ হৈ তৃতীয়টো গল স্ক’ৰ কৰি ভাৰতৰ জয় প্ৰায় নিশ্চিত কৰে।

৩৭ বছৰীয়া ছেত্ৰীয়ে নিজৰ ১২৪ তম মেচত আন্তঃৰাষ্ট্ৰীয় কেৰিয়াৰত ৭৯ টা গল স্ক’ৰ কৰি সৰ্বাধিক গল স্ক’ৰাৰৰ সক্ৰিয় ফুটবল খেলুৱৈৰ তালিকাত আৰ্জেণ্টিনাৰ মহাতাৰকা লিঅ’নেল মেছিৰ (৮০) সৈতে ব্যৱধান এটা গললৈ হ্ৰাস কৰে। এই তালিকাত শীৰ্ষ স্থানত আছে পৰ্তুগীজ তাৰকা ক্ৰিষ্টিয়ানো ৰ’নাল্ডো(১১৫)।

মালদ্বীপৰ বিৰুদ্ধে জয়েৰে আঠ পইণ্টৰ সৈতে পাঁচটা দলৰ তালিকাৰ শীৰ্ষস্থানত থকা সাতবাৰৰ চেম্পিয়ন ভাৰতে ১৬ অক্টোবৰত ফাইনেলত নেপালৰ মুখামুখি হ’ব।

দিনটোৰ আন এখন খেলত নেপালে বাংলাদেশৰ সৈতে ১-১ গ’লত ড্ৰ কৰি ৰাউণ্ড ৰবিন লীগত সাত পইণ্টৰ সৈতে দ্বিতীয় স্থান দখল কৰে।

উল্লেখ্য যে, ভাৰতে লীগ পৰ্যায়ত নেপালক ১-০ গ’লত পৰাস্ত কৰিছিল।

মালদ্বীপৰ বিৰুদ্ধে জয় লাভ কৰিব নোৱাৰা হ’লে ভাৰতে প্ৰতিযোগিতাখনৰ ফাইনেলত স্থান লাভত ব্যৰ্থ হ’লহেঁতেন।

উল্লেখ্য যে এইবাৰৰ সৈতে ভাৰতে SAFF চেম্পিয়নশ্বিপত দ্বাদশ বাৰৰ বাবে ফাইনেলত অৱতীৰ্ণ হ’ব।