NORTHEAST NOW (Assamese)

‘ঈশ্বৰৰ দূত’ আখ্যা দি বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণক তুলাধুনা চিদাম্বৰমৰ

August 29, 2020 4:23 pm · এন ই নাও নিউজ

দেশৰ কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণক ‘ঈশ্বৰৰ দূত’ আখ্যা দিলে কংগ্ৰেছেৰ জ্যেষ্ঠ নেতা তথা প্ৰাক্তন বিত্ত মন্ত্ৰী পি চিদাম্বৰমে।

শেহতীয়াকৈ দেশৰ বিধ্বস্ত অৰ্থনীতি সন্দৰ্ভত মন্তব্য কৰিবলৈ গৈ বিত্তমন্ত্ৰী সীতাৰমণে কৈছিল যে ক’ৰ’ণা মহামাৰীৰ বাবেই দেশৰ অৰ্থনীতি ভাগি পৰিছে।

ক’ৰ’ণাক ‘ঈশ্বৰৰে লীলা’ বুলিও বিত্তমন্ত্ৰী গৰাকীয়ে তাৎপৰ্যপূৰ্ণ মন্তব্য কৰিছিল।

ক’ৰ’ণাক ‘ঈশ্বৰৰ লীলা’ বুলি কোৱাৰ পিছতে কংগ্ৰেছৰ নেতা পি চিদাম্বৰমে সীতাৰমণক উভতি ধৰি কয় যে সীতাৰমণ দৰাচলতে ‘ঈশ্বৰৰ দূত’।

সেইবাবেই তেওঁ ক’ৰ’ণা যে ‘ঈশ্বৰৰে লীলা’ সেয়া জানিব পাৰিছে।

ক’ৰ’ণাৰ বাবেই দেশৰ অৰ্থনীতি বিধ্বস্ত হৈ পৰা বুলি বিত্তমন্ত্ৰী সীতাৰমণে কৰা মন্তব্য সন্দৰ্ভত চিদাম্বৰমে এইবুলি প্ৰশ্ন কৰে যে ২০১৭-১৮,২০১৮-১৯ আৰু ২০১৯-২০ বিত্তীয় বৰ্ষত দেশত ক’ৰ’ণা আছিল জানো?

এই বছৰ সমূহত কিয় দেশৰ অৰ্থনীতি নিশকতীয়া হৈ পৰিল বুলি চিদাম্বৰমে সীতাৰমণক প্ৰশ্ন কৰে।
উল্লেখ্য ক’ৰ’ণাৰ দোহাই দি কেন্দ্ৰীয় চৰকাৰে ৰাজ্য সমূহক অনাদায় হৈ থকা জি এছ টিৰ ধন আদায় দিয়া নাই।

ফলত ভীষণ আৰ্থিক সংকটৰ গৰাহত পৰিছে ৰাজ্য সমূহ।ইয়াৰ বিপৰীতে কেন্দ্ৰই ৰাজ্য সমূহক ঋণ লৈহে পৰিস্থিতিৰ মোকাবিলা কৰিবলৈ পৰামৰ্শ দিছে।

চিদাম্বৰমৰ মতে ক’ৰ’ণাতংকৰ বাবে নহয়,চৰকাৰৰ অপৰিপক্ক নীতিৰ বাবেহে দেশৰ অৰ্থনীতি বিধ্বস্ত হৈছে।

Related News