NORTHEAST NOW (Assamese)
Popular Stories

অযোধ্যা ৰায়দানৰ এদিন পিছতে গুৱাহাটীত উপস্থিত দেশৰ মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ November 10, 2019 6:10 pm
75289395_1343541142491784_3106878118137167872_n

বহু প্ৰত্যাশিত অযোধ্যা গোচৰৰ ৰায়দানৰ এদিন পিছতে অৰ্থাৎ আজি গুৱাহাটীত উপস্থিত হৈছে দেশৰ মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈ।

গুৱাহাটীৰ ITA মাছখোৱা প্ৰকল্পত এখন গ্ৰন্থ উন্মোচনী সভাত অংশ লোৱাৰ উদ্দেশ্যে তেওঁ অসমলৈ আহিছে।

উল্লেখ্য যে মুখ্য ন্যায়াধীশ গৰাকীয়ে উচ্চতম ন্যায়ালয়ৰ দ্বাৰা প্ৰকাশিত ‘Courts of India : Past to Present’ ৰ অসমীয়া অনুবাদ ‘ভাৰতবৰ্ষৰ আদালতসমূহ : অতিতৰ পৰা বৰ্তমানলৈ’ নামৰ গ্ৰন্থখন উন্মোচন কৰিব।

তেওঁৰ উপৰি এই অনুষ্ঠানত উপস্থিত থাকিব দেশৰ পৰৱৰ্তী মুখ্য ন্যায়াধীশ শাৰদ অৰৱিন্দ ববডে, মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যয়াধীশ অজয় লাম্বাৰ লগতে বহুতো গণ্য মান্য ব্যক্তি।

গুৱাহাটীলৈ অহাৰ পূৰ্বে গগৈয়ে প্ৰথমে দিল্লীৰ পৰা পোনে পোনে ডিব্ৰুগড়স্থিত খলিমাৰীৰ নিজ বাসগৃহত উপস্থিত হয়। আৰু তাৰ পৰা বিয়লিভাগত বিশেষ বিমানযোগে গুৱাহাটীলৈ আহে বুলি জানিব পৰা গৈছে।

গুৱাহাটীৰ বৰঝাৰ বিমানবন্দৰত ৰাজ্য চৰকাৰৰ ফালৰ পৰা কেইবা গৰাকীও মন্ত্ৰী-বিষয়াই মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈক উষ্ম আদৰণি জনায়।

উল্লেখযোগ্য যে, শনিবাৰে অযোধ্যা গোচৰক লৈ দিয়া ঐতিহাসিক ৰায়দানৰ পিছতে কেন্দ্ৰীয় চৰকাৰে মুখ্য ন্যায়াধীশ গগৈৰ নিৰাপত্তা ব্যৱস্থা জেদ প্লাছলৈ উন্নীত কৰে।

অহা ১৭ নৱেম্বৰত ৰঞ্জন গগৈয়ে দেশৰ মুখ্য ন্যায়াধীশৰ পদৰ পৰা অৱসৰ গ্ৰহণ কৰিব। অৱসৰৰ পিছত তেওঁ গুৱাহাটীতে বসবাস কৰাৰ পৰিকল্পনা কৰিছে।