NORTHEAST NOW (Assamese)
Popular Stories

সলনি হ’ব মুখ্য ন্যায়াধীশৰ বাসগৃহৰ ঠিকনাঃ কৃষ্ণ মেনন মাৰ্গৰ আৱাসলৈ নাযায় ন্যায়াধীশ সূৰ্যকান্ত

Posted by: এন ই নাও নিউজ, গুৱাহাটী October 29, 2025 7:55 pm

প্ৰায় দুটা দশক ধৰি নতুন দিল্লীৰ লুটিয়েন্স বাংলো জনত অৱস্থিত ৫ কৃষ্ণ মেনন মাৰ্গৰ মুখ্য ন্যায়াধীশৰ চৰকাৰী বাসগৃহ। এই বাংলোটোৱে অতি সোনকালে মুখ্য ন্যায়াধীশৰ চৰকাৰী বাসগৃহৰ মৰ্যাদা হেৰুৱাব।

চৰকাৰী সূত্ৰই এই সংবাদদাতাক জনোৱা মতে, পৰৱৰ্তী মুখ্য ন্যায়াধীশ সূৰ্য কান্ত বৰ্তমানৰ বাসগৃহতে থাকিব আৰু বাংলোটোলৈ স্থানান্তৰিত কৰিবলৈ আগ্ৰহী নহয় বুলি জনোৱা হৈছে। দৰাচলতে ন্যায়াধীশ বিক্ৰম নাথৰ পিছত মুখ্য ন্যায়াধীশ হবলগীয়া ন্যায়াধীশক ইতিমধ্যে এই বাংলোটো আবণ্টন দিয়া হৈছে বুলি সূত্ৰই প্ৰকাশ কৰিছে।

দৰাচলতে ন্যায়াধীশ সূৰ্য কান্ত একমাত্ৰ মুখ্য ন্যায়াধীশ নহয় যিয়ে নিৰ্দিষ্ট মুখ্য ন্যায়াধীশৰ বাসগৃহত নাথাকিব। শেহতীয়াকৈ ন্যায়াধীশ সঞ্জীৱ খান্নাই এই বাসগৃহত বাস কৰা নাই, তেওঁৰ উত্তৰাধিকাৰী তথা বৰ্তমানৰ মুখ্য ন্যায়াধীশ বি আৰ গাভাইও চৰকাৰী বাসগৃহলৈ স্থানান্তৰিত হোৱা নাই।

ভিড মহামাৰীৰ সময়ত কাৰ্যকাল শেষ হোৱা ন্যায়াধীশ এছ এ ববডেৰ সময়ৰ পৰাই ঘৰৰ পৰাই কাম কৰাটো নিয়ম হৈ পৰিল আৰু আদালতে বেছিভাগেই অনলাইনত কাম কৰি আছিল, তেতিয়াৰ পৰাই এই লুটিয়নছৰ দিল্লী বাংলোটো মুখ্য ন্যায়াধীশৰ সচিবালয়-সহ-কাৰ্যালয় হিচাপে ব্যৱহাৰ কৰা হৈছে।