NORTHEAST NOW (Assamese)
Uncategorized

এনভিডিয়াই ৰচনা কৰিলে ইতিহাস, ৫ ট্ৰিলিয়ন মাৰ্কিন ডলাৰৰ বজাৰ মূল্য লাভ কৰা প্ৰথমটো কোম্পানী হিচাপে চিহ্নিত

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী October 29, 2025 8:59 pm

বিশেষ কম্পিউটাৰ চিপ বনোৱা কোম্পানী Nvidia ৰচিলে ইতিহাস! আজি অৰ্থাৎ ২৯ অক্টোবৰত Nvidia ৫ ট্ৰিলিয়ন ডলাৰ মূল্যৰ বিশ্বৰ প্ৰথমটো কোম্পানী হিচাপে পৰিগণিত হয়। দিনটোৰ শেষত প্ৰতিটো শ্বেয়াৰৰ মূল্য আছিল ১২৪৮.৬৭ ডলাৰ। ইয়াৰ ফলত এনভিডিয়া এপল বা মাইক্ৰছফ্টতকৈ অধিক মূল্যৱান হৈ পৰিল, যাৰ সৰ্বমুঠ মূল্য প্ৰায় ৪.৮ ট্ৰিলিয়ন ডলাৰ।

উল্লেখ্য যে, এনভিডিয়াই এনে চিপ তৈয়াৰ কৰে যিয়ে কম্পিউটাৰক স্মাৰ্ট ৰবটৰ দৰে শিকিবলৈ আৰু চিন্তা কৰাত সহায় কৰে। ইয়াক কৃত্ৰিম বুদ্ধিমত্তা বা AI বোলা হয়। ChatGPTৰ দৰে কৃত্ৰিম বুদ্ধিমত্তাৰ দ্ৰুত কাম কৰিবলৈ Nvidia ৰ চিপৰ প্ৰয়োজন। মাইক্ৰছফ্ট, আমাজন, গুগলৰ দৰে ডাঙৰ কোম্পানীয়ে ক্লাউডত নিজৰ ডাঙৰ কম্পিউটাৰৰ বাবে এই চিপবোৰ কিনে।

যোৱা সপ্তাহত এনভিডিয়াই সকলোকে জনাইছিল যে তেওঁলোকে তিনি মাহত ৪২.১ বিলিয়ন ডলাৰ উপাৰ্জন কৰিছে মানুহে ভবাতকৈ এই পৰিমাণ যথেষ্ট বেছি! Nvidiaৰ মুখ্য কাৰ্যবাহী বিষয়া জেনচেন হুয়াঙে কয় যে তেওঁলোক সকলোৰে কঠোৰ পৰিশ্ৰম আৰু ৰোমাঞ্চকৰ এআই জগতখনৰ বাবেই এনে হৈছে।