NORTHEAST NOW (Assamese)
অসম

শিলচৰ চহৰৰ বিভিন্ন সমস্যা প্ৰসংগত শিলচৰ পৌৰসভাৰ প্ৰতিনিধিৰ সৈতে মুখ্য মন্ত্ৰীৰ আলোচনা

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ August 27, 2019 7:05 pm
DSC_7962

অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত মঙলবাৰে শিলচৰ পৌৰসভাৰ প্ৰতিনিধিৰ সৈতে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ এখন বৈঠক অনুষ্ঠিত হয়।

বৈঠকত শিলচৰ চহৰৰ বিভিন্ন সমস্যাৰ বিষয়ে আলোচনা কৰা হয়। বৈঠকত অম্ৰুত, কেন্দ্ৰীয় আন্তঃগাঁথনি উন্নয়ন পুঁজিৰ অধীনৰ বিভিন্ন আঁচনি সম্পৰ্কত বিস্তৃত ভাৱে আলোচনা কৰা হয়।

মুখ্য মন্ত্ৰীয়ে অম্ৰুত আঁচনিৰ আধাৰশিলা শীঘ্ৰে স্থাপন কৰিব পৰাকৈ ব্যৱস্থা গ্ৰহণ কৰিবলৈ সংশ্লিষ্ট বিভাগক নিৰ্দেশ দিয়ে।

ৰাঙ্গেৰখাৰিৰ পৰা সদৰ ঘাটলৈ উৰণীয়া সেঁতু নিৰ্মাণৰ বিষয়টোও আলোচনা কৰা হয় পৌৰ প্ৰতিনিধি সকলৰ সৈতে।

শিলচৰ চহৰ খনৰ যান-জট আঁতৰোৱাৰ বাবে এই উৰণীয়া সেঁতুখন নিৰ্মাণ কৰিব পৰাকৈ সম্ভাৱনীয়তাৰ প্ৰতিবেদন প্ৰস্তুত কৰিবলৈ মুখ্য মন্ত্ৰীয়ে নিৰ্দেশ দিয়ে।

আনহাতে, চহৰখনৰ পৰা খোৱা পানীৰ নাটনি দূৰ কৰাৰ বাবেও প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰিবলৈ মুখ্য মন্ত্ৰীয়ে যথোচিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিয়ে।

তদুপৰি, ১৫ নৱেম্বৰৰ ভিতৰত মিনি চেক্ৰেটেৰিয়েটৰ মূল আট্টালিকাৰ নিৰ্মাণৰ কাম-কাজ দ্ৰুত গতিত আৰম্ভ কৰাৰ বাবে প্ৰয়োজনীয় কাৰ্য্যপন্থা হাতত লবলৈও সাধাৰণ প্ৰশাসন বিভাগৰ আয়ুক্ত সচিব গৰাকীক নিৰ্দেশ দিয়ে।

আজিৰ বৈঠকত সাংসদ ডা০ ৰাজদ্বীপ ৰয়, বিধায়ক দিলীপ পাল, ঋতুপৰ্ণ বৰুৱা, সাধাৰণ প্ৰশাসন বিভাগৰ আয়ুক্ত সচিব ড০ এম অংগমুথু আদিৰ লগতে শিলচৰ পৌৰসভাৰ প্ৰতিনিধি বৰ্গ উপস্থিত থাকে।