NORTHEAST NOW (Assamese)

অৰুণাচল প্ৰদেশত স্থাপন উচ্চ ন্যায়ালয় ভৱনৰ আধাৰশিলা

August 12, 2018 10:15 pm · ডেমিয়েন লেপচা

অৰুণাচল প্ৰদেশৰ মুখ্য মন্ত্ৰী পেমা খান্দুৱে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ অজিত সিং আৰু ন্যায়াধীশ অৰূপ কুমাৰ গোস্বামীৰ উপস্থিতিত নাহৰ্লগুনত দেওবাৰে স্থাপন কৰে ৰাজ্যখনত থকা উচ্চ ন্যায়ালয় পীঠৰ স্থায়ী ভৱনৰ আধাৰশিলা।

আধাৰশিলা স্থাপন কৰি মুখ্য মন্ত্ৰীজনে অহা দুবছৰৰ ভিতৰত ন্যায়ালয়ৰ চৌহদটোৰ নিৰ্মাণ সম্পূৰ্ণ কৰাৰ আশ্বাস দিয়ে।

ৰাজ্যখনৰ বাবে আজিৰ দিনটো ঐতিহাসিক বুলি উল্লেখ কৰি মুখ্য মন্ত্ৰীজনে কয়, ‘যোৱা ১৮ বছৰৰ পিছত পূৰণ হোৱা ই এটা সপোন আৰু জনসাধাৰণৰ ই দীৰ্ঘদিনীয়া দাবী আছিল।’

পৃথক এখন উচ্চ ন্যায়ালয়ে ৰাজ্যখনত ফাষ্ট ত্ৰেক ন্যায় প্ৰদানকাৰী ব্যৱস্থাটো ত্বৰান্বিত কৰিব বুলিও তেওঁ আশা প্ৰকাশ কৰে।

খান্দুৱে জনায় যে কেন্দ্ৰীয় আইন আৰু ন্যায় মন্ত্ৰী ৰৱি শংকৰ প্ৰসাদে এই আধাৰশিলা থপাৰ কথা আছিল যদিও বেয়া বতৰৰ বাবে তেওঁ গুৱাহাটীৰ পৰা আগবাঢ়িব নোৱাৰিলে।

গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ইটানগৰ স্থায়ী পীঠ বাৰ সংস্থাই ৰাজ্যখনত এক স্বাধীন উচ্চ ন্যায়ালয় স্থাপন আৰু ৰাজ্যখনৰ জ্যেষ্ঠ অধিবক্তাসকলক ন্যায়াধীশৰূপে নিযুক্তি দিয়াৰ দাবীৰে মুখ্য মন্ত্ৰীজনক দিয়া এক স্মাৰক পত্ৰৰ উত্তৰত মুখ্য মন্ত্ৰীয়ে কেন্দ্ৰীয় মন্ত্ৰী প্ৰসাদ আৰু গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ অজিত সিঙৰ সন্মুখত অগ্ৰাধিকাৰ ভিত্তিত বিষয়টো উত্থাপন কৰাৰ আশ্বাস প্ৰদান কৰে।

মুখ্য ন্যায়াধীশ সিং, ন্যায়াধীশ গোস্বামী আৰু উপ মুখ্য মন্ত্ৰী চাওনা মীনেও অনুষ্ঠানটোত ভাষণ মাৰে।

ভাৰতৰ তদানীন্তন ৰাষ্ট্ৰপতি কে আৰ নাৰায়ননে ২০০০ চনৰ ১৮ জুলাইত এক নিৰ্দেশযোগে ইটানগৰত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ স্থায়ী পীঠ স্থাপনৰ ঘোষণা কৰিছিল।

Related News