NORTHEAST NOW (Assamese)

ষট পূজা উপলক্ষে ৰাজ্যবাসীক শুভেচ্ছা জ্ঞাপন মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ

November 2, 2019 10:59 am · এন ই নাও নিউজ
প্ৰতিনিধিত্বমূলক আলোকচিত্ৰ

ষট পূজা উপলক্ষে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৰাজ্যখনৰ সকলো শ্ৰেণীৰ জনসাধাৰণক আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছে।

আলোকৰ প্ৰতীক সূৰ্যক আৰাধানাৰে অনুষ্ঠিত কৰা এই পূজাই সকলো শ্ৰেণীৰ জনসাধাৰণৰ মাজত নতুন আশা সঞ্চাৰিত কৰি সকলোকে নতুন উদ্যমেৰে ৰাজ্যখনৰ উন্নয়ন আৰু প্ৰগতিৰ দিশত কৰ্মত ব্ৰতী হোৱাৰ বাবে অনুপ্ৰেৰণা যোগাব বুলি সোণোৱালে আশা প্ৰকাশ কৰে।

আনহাতে, বৰকা উপত্যকাকে ধৰি অসমৰ বিভিন্ন প্ৰান্তত ষট পূজা উপলক্ষ্যে ব্যাপক প্ৰস্তুতি সম্পূৰ্ণ কৰি তোলা হৈছে।

গুৱাহাটী মহানগীৰো বিভিন্ন স্থানত বিশষকৈ ব্ৰহ্মপুত্ৰৰ পাৰত ভক্তসকলে স্নান কৰি সূৰ্য্য দেৱতাৰ আৰধানা কৰিব।

শিলচৰৰ বিভিন্ন স্থানত পূজা উপলক্ষে মণ্ডপসমূহ সজাই পৰাই তোলাৰ লগতে স্নানৰ বাবে ঘাট সমূহ সাজু কৰি তোলা হৈছে উদ্যোক্তা সমতিয়ে বিগত বৰ্ষৰ তুলনাত এইবাৰ পূজাস্থলীলৈ অধিক জনসমাগম হ’ব বুলি আশা প্ৰকাশ কৰিছে।

Related News