NORTHEAST NOW (Assamese)
অসম

সংবিধানৰ নীতি-আদৰ্শ মানি চলাৰ ওপৰত গুৰুত্ব : ৭০ সংখ্যক সংবিধান দিৱসত মুখ্য মন্ত্ৰী সোণোৱাল

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ November 26, 2019 5:36 pm
Sarbananda Sonowal

‘‘আমাৰ দেশৰ সংবিধানখন সকলো ধৰ্ম, ভাষা-ভাষী, জনগোষ্ঠীৰ বাবে নিৰ্মাণ কৰা হৈছে। ভাৰতৰ সংবিধানে দেশৰ ভিন্ন প্ৰান্তৰ ভাষা-ভাষী, ধৰ্মাৱলম্বী লোকক এটা পৰিয়ালৰ মানসিকতাৰে বসবাস কৰাৰ সুস্থ বাতাবৰণ নিৰ্মাণ কৰাৰ উপৰি সকলোৰে মাজত সুৰক্ষা, মৰ্যদা, ন্যায় প্ৰদান, সদ্ভাৱনা গঢ় দিয়াৰ উপৰি ৰাষ্ট্ৰীয় একতাৰ প্ৰতি দায়বদ্ধ হ’বলৈও শিকাইছে। সেইবাবে সংবিধানৰ পৱিত্ৰতা প্ৰতি গৰাকী নাগৰিকে নিষ্ঠাৰে ৰক্ষা কৰিব লাগিব। সংবিধানে আমাক দিয়া মৰ্যাদা অক্ষুন্ন ৰাখি পৰস্পৰ অধিকাৰ অক্ষুণ্ণ ৰখা, সম-মৰ্যদা প্ৰদানৰ জৰিয়তে সৌষ্ঠৱ বৃদ্ধি কৰিব লাগিব,’’ আজি ৰাজ্য চৰকাৰৰ সচিবালয় প্ৰশাসন, সাধাৰণ প্ৰশাসন আৰু ভৈয়াম জনজাতি আৰু পিছপৰা শ্ৰেণী কল্যাণ বিভাগৰ দ্বাৰা জনতা ভৱন চৌহদৰ ড০ ভীমৰাও আম্বেদকাৰৰ প্ৰতিমূৰ্তিৰ ওচৰত আয়োজিত ৭০ সংখ্যক সংবিধান দিৱস পালন কাৰ্যসূচীত অংশ গ্ৰহণ কৰি প্ৰদান কৰা ভাষণত মুখ্য মন্ত্ৰী সোণোৱালে এইদৰে কয়।

ভাৰতীয় সংবিধানৰ জনক ড০ ভীমৰাওক আম্বেদকাৰৰ প্ৰতি গভীৰ শ্ৰদ্ধাঞ্জলি জনাই মুখ্য মন্ত্ৰীয়ে কয় যে ভীমৰাও আম্বেদকাৰে ভাৰতীয় গণতন্ত্ৰৰ গতিশীল যাত্ৰা অক্ষুন্ন ৰাখি ভাৰতবৰ্ষৰ বহু ভাষী, বহু সংস্কৃতি, বহু ভাৱাদৰ্শ আৰু বহু নৃগোষ্ঠীয় জনগোষ্ঠীৰ আশা-আকাঙ্খা সমূহ সংবিধানৰ জৰিয়তে উচিত ৰূপত প্ৰতিফলিত কৰিব পাৰিছে।

প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সংবিধান দিৱস উপলক্ষে সংসদৰ যুটীয়া অধিৱেশনত দিয়া ভাষণত সেৱা আৰু কৰ্তব্যৰ বিষয়টো আলোকপাত কৰি মুখ্য মন্ত্ৰীয়ে কয় যে ‘এক বাৰত শ্ৰেষ্ঠ ভাৰত’ আদৰ্শৰ জৰিয়তে প্ৰধান মন্ত্ৰীয়ে দেশৰ নাগৰিকৰ দায়িত্ব আৰু কৰ্তব্য সম্পৰ্কত আলোকপাত কৰি ৰাষ্ট্ৰীয় চেতনাৰে আমাক ৰাষ্ট্ৰ নিৰ্মাণৰ কামত আত্মনিয়োগৰ বাবে আহ্বান জনাইছে। ইয়ে ৰাষ্ট্ৰৰ শক্তি বৃদ্ধি কৰিব। আমাৰ দেশৰ ঐক্য আৰু সংহতিৰ উমান দিয়াটো আমাৰ সকলোৰে দায়িত্ব আৰু কৰ্তব্য বুলিও মুখ্য মন্ত্ৰীয়ে কয়।

প্ৰধান মন্ত্ৰী মোদীয়ে বিশ্বৰ জনগনৰ সন্মুখত ভাৰতৰ দক্ষতা প্ৰদৰ্শন কৰিছে। প্ৰধান মন্ত্ৰীয়ে জনগণৰ লগত কিদৰে সম্পৰ্ক সুদৃঢ় কৰিব পাৰি দৃষ্টান্তমূলক নিদৰ্শন দাঙি ধৰি দেশৰ জনগণক সন্মুখৰ পৰা নেতৃত্ব দি শক্তিশালী চেতনা জগাই তুলিছে। ভাৰতক শ্ৰেষ্ঠ ৰাষ্ট্ৰ হিচাপে পৰিগণিত কৰিব লাগিলে কৰ্ম সংস্কৃতি প্ৰদৰ্শন কৰিব লাগিব বুলি সোণোৱালে কয়।

আজিৰ সংবিধান দিৱস অনুষ্ঠানত সমাজ কল্যাণ বিভাগৰ মন্ত্ৰী প্ৰমীলাৰাণী ব্ৰহ্ম, পৰিৱেশ আৰু বন বিভাগৰ মন্ত্ৰী পৰিমল শুক্লবৈদ্য, পাৰ্বত্য অঞ্চল উন্নয়ন বিভাগৰ মন্ত্ৰী চুম ৰংহাং, বিধায়ক সকল ক্ৰমে অতুল বৰা, গুৰুজ্যোতি দাস, অশোক শৰ্মা, প্ৰশান্ত ফুকনে ধৰি ভালেসংখ্যক লোক উপস্থিত থাকে।