NORTHEAST NOW (Assamese)
Popular Stories

ক’ৰ’না ভাইৰাছত আক্ৰান্ত হৈ মৃত্যু তবলিগী জামাতৰ অধ্যক্ষৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ April 18, 2020 8:30 pm
0eb7a3469517d5d8b3a0f7659187889f

তবলিগী জামাত কাণ্ডই কেৱল ভাৰততেই ক’ৰ’না সংক্ৰমণৰ বাবে প্ৰধান সেতু হৈ পৰা নাই।

পাকিস্তানটো তবলিগী জামাতে ক’ৰ’না সংক্ৰমণৰ ঘাই সেতু হৈ পৰিছে।

ইতিমধ্যে ভাৰতৰ চুবুৰীয়া ৰাষ্ট্ৰ পাকিস্তানত তবলিগী জামাতৰ এজন অধ্যক্ষ মৌলানা চোহাইব ৰুমীৰ ক’ৰ’নাত আক্ৰান্ত হৈ মৃত্যু ঘটিছে।

মৌলানা চোহাইব ৰুমী আছিল ফইছালাবাদ তবলিগী জামাতৰ অধ্যক্ষ।

যোৱা মাহত লাহোৰৰ ৰেইৱাইণ্ডত অনুষ্ঠিত তবলিগী জামাতৰ অনুষ্ঠানত উপস্থিত থকা ৰুমীৰ পৰিয়ালৰ পাঁচজন লোকৰ শৰীৰতো ইতিমধ্যে ক’ৰ’না ভাইৰাছ সংক্ৰমিত হৈছে।

উল্লেখ্য যে বৰ্তমানলৈকে পাকিস্তানৰ পঞ্জাৱ প্ৰদেশত ১১০০ ৰো অধিক তবলিগী জামাতীৰ শৰীৰত ক’ৰ’না ভাইৰাছৰ উপস্থিতি ধৰা পৰিছে।

বৰ্তমানলৈকে পাকিস্তানত ৭,৪৮০ গৰাকী লোক ক’ৰ’নাত আক্ৰান্ত হোৱাৰ বিপৰীতে ১৪৩ গৰাকী আক্ৰান্তৰ মৃত্যু ঘটিছে।

উল্লেখ্য যে, তবলিগী জামাতীসকল পাকিস্তানৰ লগতে ভাৰত, মালয়েছিয়া আৰু ব্ৰুনেইত ক’ৰ’না সংক্ৰমণৰ মূল সেতুৰূপে পৰিগণিত হৈছে।