NORTHEAST NOW (Assamese)
অসম

সুখবৰ; দেশত মুঠ ২,০১৫ গৰাকী ব্যক্তি আৰোগ্য হৈ উঠিছে কোভিদ-১৯-ৰ পৰা

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ April 18, 2020 8:26 pm
italy-s-health-workers-on-edge-of-exhaustion-in-virus-fight-1584261365-6677.png

ভাৰতত বৰ্তমানলৈ ২,০১৫ গৰাকী লোক কোভিদ-১৯-ৰ সংক্ৰমণৰ পৰা সম্পূৰ্ণৰূপে আৰোগ্য হৈ উঠিছে।

কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰ্যালয়ে শনিবাৰে সংবাদমেলত এই তথ্য দাঙি ধৰে।

ভাৰতত বৰ্তমানলৈ মুঠ ১৪,৭৯২ গৰাকী লোক ক’ৰ’না ভাইৰাছত আক্ৰান্ত হৈছে আৰু ইয়াৰ ভিতৰত ৪৮৮ গৰাকী লোকৰ ক’ৰ’না ভাইৰাছৰ সংক্ৰমণৰ ফলত মৃত্যু হৈছে।

আনহাতে, স্বাস্থ্য মন্ত্ৰ্যালয়ৰ তৰফৰ পৰা ভাৰতৰ মুঠ ২৩ খন ৰাজ্যৰ ৪৫ খন জিলাত বিগত ১৪ দিনত কোনো নতুন লোক ক’ৰ’নাত আক্ৰান্ত হোৱা নাই বুলিও তথ্য দাঙি ধৰা হয়।

অসমতো মুঠ ১২ গৰাকী ক’ৰ’না আক্ৰান্ত ৰোগী চিকিৎসাৰ অন্তত সম্পূৰ্ণৰূপে সুস্থ হৈ উঠিছে।

উল্লেখযোগ্য যে, দেশত ক’ৰ’না ভাইৰাছৰ বৰ্দ্ধিত সংক্ৰমণ নিয়ন্ত্ৰণ কৰাৰ বাবে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সমগ্ৰ দেশত ল’কডাউন ৩ মে’লৈ বৃদ্ধি কৰাৰ কথা ঘোষণা কৰিছিল।