NORTHEAST NOW (Assamese)
Popular Stories

স্বৰ্গগামী হ’ল ৰাম মন্দিৰৰ মুখ্য পুৰোহিত লক্ষ্মীকান্ত দীক্ষিত; শোকপ্ৰকাশ প্ৰধানমন্ত্ৰী মোদীৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী June 22, 2024 5:21 pm
স্বৰ্গগামী হ’ল ৰাম মন্দিৰৰ মুখ্য পুৰোহিত লক্ষ্মীকান্ত দীক্ষিত; শোকপ্ৰকাশ প্ৰধানমন্ত্ৰী মোদীৰ

ৰাম মন্দিৰৰ উদ্বোধনৰ বাৰ্ষিকী পালন কৰাৰ সপোন পূৰ্ণ নহ’ল । ৮৬ বছৰ বয়সত ৰামলালাৰ প্ৰধান পুৰোহিত আচাৰ্য লক্ষ্মীকান্ত দীক্ষিতে মৃত্যুবৰণ কৰে।

পৰিয়ালৰ সূত্ৰ অনুসৰি লক্ষ্মীকান্ত দীক্ষিত দীৰ্ঘদিন ধৰি বৃদ্ধাৱস্থাৰ ৰোগত আক্ৰান্ত হৈ আছিল। শনিবাৰে পুৱা হঠাতে তেওঁৰ অৱস্থা বেয়া হৈ পৰিল। একো বুজি পোৱাৰ আগতেই পুৰোহিতজনে শেষ নিশ্বাস ত্যাগ কৰে৷ বাৰাণসীৰ মণিকৰ্ণিকা ঘাটত শেষকৃত্য সম্পন্ন কৰা হ’ব পণ্ডিত লক্ষ্মীকান্ত দীক্ষিতক। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে মৃত্যুক লৈ শোক প্ৰকাশ কৰে।

যদিও মহাৰাষ্ট্ৰৰ সোলাপুৰ জিলাৰ বাসিন্দা যদিও আচাৰ্য পৰিয়াল দীৰ্ঘদিন ধৰি বাৰাণসীত বাস কৰি আহিছে। লক্ষ্মীকান্ত দীক্ষিত কাশী ধামৰ অন্যতম প্ৰধান পুৰোহিত আছিল।