NORTHEAST NOW (Assamese)
অসম

কোকৰাঝাৰৰ গৌৰাং নৈত মাকৰ সৈতে গা ধুবলৈ গৈ শিশু সন্ধানহীন

Posted by: ৰিনয় বসুমতাৰী October 30, 2018 8:54 pm
Kokrajhar

কোকৰাঝাৰ চহৰৰ সমীপৰ মাহাজনপাৰাত গৌৰাং নৈত মাকৰ সতে গা ধুবলৈ গৈ এটি ৬ বছৰীয়া শিশু পানীত ডুব গৈ এই পৰ্যন্ত সন্ধানহীন হৈ থকা ঘটনাই অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে।

সন্ধানহীন শিশুটিক মাহাজনপাৰাৰ আমেজ আলি আৰু ছমৰেন বিবিৰ সন্তান মাহাজনপাৰা প্ৰাথমিক বিদ্যালয়ৰ প্ৰথম শ্ৰেণীৰ ছাত্ৰ আবুল কাছেম বুলি চিনাক্ত কৰা হৈছে।

প্ৰাপ্ত তথ্য মতে মাকৰ সৈতে গৌৰাং নৈত গা ধুবলৈ যোৱা কাছেমে গা ধুই থকা অৱস্থাত হঠাৎ মাকৰ পৰা বিচ্ছিন্ন হয় আৰু নৈৰ গভীৰ পানীত ডুব যায়। ঘটনাৰ পিছতে অঞ্চলটোত মুহুৰ্ততে হুৱাদুৱা লাগে আৰু গৌৰাং নৈত ডুব যোৱা কাছেমক বিচাৰি স্থানীয় ৰাইজে অভিযান চলায়।

পিছত ঘটনাৰ খবৰ লাভ কৰি এন ডি আৰ এফ বাহিনী ঘটনাস্থলীত উপস্থিত হৈ উদ্ধাৰ অভিযান আৰম্ভ কৰিছে যদিও বাতৰি লিখা পৰ্যন্ত সন্ধানহীন হোৱা শিশুটিক উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নায়।