NORTHEAST NOW (Assamese)

নিদাৰুণ:পিতৃ আছে কাৰাগাৰত, মাতৃয়ে গৈছে এৰি, পদপথত কুকুৰৰ সৈতেই নিশা কটায় এই শিশুটিয়ে

December 17, 2020 4:50 pm · এন ই নাও নিউজ
Updated: December 17, 2020 5:39 pm

এক নিদাৰুণ ঘটনাই জোকাৰি গৈছে সমগ্ৰ দেশৰে হৃদয়ৱান লোকসকলক।

মুজাফৰপুৰৰ এই ১০ বছৰীয়া শিশুটিৰ পিতৃ আছে কাৰাগাৰত।

শিশুটিৰ মাতৃয়েও ঘৰ-সংসাৰৰ মায়া ত্যাগ কৰি ক’ৰৱালৈ গুচি গৈছে।

এনে পৰিস্থিতিত নিঠৰুৱা হৈ পৰা শিশুটিয়ে পদপথকেই নিজৰ বাসস্থান হিচাবে বাচি ল’বলৈ বাধ্য হৈছে।

মুজাফৰপুৰৰ ৰাজপথত সকলোৱে দেখি আহিছে এই ১০ বছৰীয়া শিশুটিক।কোনোৱাই কিবা দিলে খায় আৰু একো নাপালে লঘোণেই দিনটো পাৰ কৰে।

নিশা শিশুটিয়ে পদপথতেই শোৱে।

শিশুটিক নিশা সংগ দিয়ে শিশুটিৰ পোহনীয়া কুকুৰটোৱে।নিশা কুকুৰটোৰ লগতেই একেলগে শুই থাকে শিশুটিয়ে।

কুকুৰৰ সৈতে শিশুটিয়ে একে লগে শুই থকাৰ ছবি কোনোৱাই ছ’চিয়েল মিডিয়াত ভাইৰেল কৰাৰ পিছতে শিশুটিৰ দায়িত্ব লবলৈ আগবাঢ়ি আহিছে স্থানীয় শিশু সুৰক্ষা সংস্থা এটা।সংস্থাটোৱে শিশুটিৰ ভৰণ-পোষণৰ লগতে শিক্ষা দানৰো দায়িত্ব লোৱা বুলি জানিব পৰা গৈছে।

জানিব পৰা মতে সাধাৰণ এটা অপৰাধ কৰাৰ বাবেই শিশুটিৰ পিতৃ বৰ্তমান কাৰাগাৰত আছে।

শিশুটিয়ে প্ৰচণ্ড শীততো পদপথতেই নিজৰ মৰমৰ কুকুৰটোৰে শুই থকাৰ দৃশ্য দেখি ব্যথিত হৈ পৰিছে হৃদয়ৱান লোকসকল।

Related News