NORTHEAST NOW (Assamese)
Popular Stories

শিশুৰ মধুমেহ ৰোগৰ মূল কাৰণ শৈশৱৰ পুষ্টিহীনতা নেকি? শেহতীয়া এক গৱেষণাত পোহৰলৈ আহিছে বিস্ফোৰক তথ্য

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী January 9, 2026 6:45 am

গৰ্ভাৱস্থাত তেজত চেনিৰ মাত্ৰা বৃদ্ধি হোৱা বা গৰ্ভাৱস্থাৰ ডায়েবেটিছক আমি সাধাৰণতে এক সাময়িক সমস্যা বুলি গণ্য কৰোঁ। কিন্তু শেহতীয়া এক ৩০ বছৰীয়া দীৰ্ঘম্যাদী অধ্যয়নে এই ধাৰণাক ভুল প্ৰমাণিত কৰিছে। পুনে মেটাৰ্নেল নিউট্ৰিচন ষ্টাডি চমুকৈ পিএমএনএছৰ তথ্য অনুসৰি গৰ্ভৱতী মাতৃৰ শৰীৰত দেখা দিয়া উচ্চ মাত্ৰাৰ চেনি আচলতে তেওঁৰ নিজৰ শৈশৱৰ খাদ্যাভ্যাস আৰু বিপাকীয় সমস্যাৰে এক প্ৰতিফলন। এই সমস্যাবোৰ নীৰৱে মাতৃৰ দেহৰ পৰা পৰৱৰ্তী প্ৰজন্ম অৰ্থাৎ সন্তানৰ দেহলৈ প্ৰেৰণ কৰা হয়।

গৱেষণাৰ পৰা জানিব পৰা গৈছে যে আমাৰ দেশৰ বহু মহিলাই নিজৰ শৈশৱকালত সঠিক আৰু উপযুক্ত পুষ্টিৰ অভাৱত ভোগে। শৰীৰত বাহ্যিকভাৱে অতিৰিক্ত চৰ্বি নাথাকিলেও পুষ্টিহীনতাৰ ফলত তেওঁলোকৰ অগ্নাশয়ৰ ক্ষতি হ’ব পাৰে। ইয়াৰ ফলত শৰীৰত প্ৰয়োজনীয় ইনচুলিনৰ অভাৱ ঘটে। পৰৱৰ্তী সময়ত যেতিয়া তেওঁলোক গৰ্ভৱতী হয়, তেতিয়া মাতৃৰ শৰীৰৰ এই পুষ্টিৰ ভাৰসাম্যহীনতাই ভ্ৰুণৰ অৱস্থাতে শিশুৰ শৰীৰত ডায়েবেটিছৰ বীজ সিঁচি দিয়ে।

চিকিৎসা বিজ্ঞানৰ ভাষাত এই সমগ্ৰ প্ৰক্ৰিয়াটোক স্বাস্থ্য আৰু ৰোগৰ উন্নয়নমূলক উৎপত্তি বুলি অভিহিত কৰা হয়। কে ই এম হাস্পতালৰ ডায়েবেটিছ ইউনিটৰ সঞ্চালক ডাঃ চিত্তৰঞ্জন য়াগ্নিকে এই সন্দৰ্ভত গুৰুত্বপূৰ্ণ মত প্ৰকাশ কৰিছে। তেওঁৰ মতে গৰ্ভাৱস্থাত যদি এটা ভ্ৰুণে মাতৃৰ পৰা সঠিক পুষ্টি লাভ নকৰে, তেন্তে সেই শিশুটিৰ শৰীৰ জন্মৰ পৰাই ইনচুলিন প্ৰতিৰোধী হৈ পৰে। পৰৱৰ্তী সময়ত ডাঙৰ হৈ অহাৰ লগে লগে আধুনিক জীৱনশৈলী আৰু অনিয়মিত খাদ্যাভ্যাসে এই বিপদৰ মাত্ৰা অধিক বৃদ্ধি কৰে। তথ্য অনুসৰি শৈশৱত তেজৰ চেনিৰ পৰিমাণ বেছি থাকিলে এগৰাকী মহিলাৰ গৰ্ভাৱস্থাত ডায়েবেটিছ হোৱাৰ সম্ভাৱনা দুগুণ হয় আৰু সন্তান জন্মৰ পিছত এই বিপদ পাঁচগুণলৈ বৃদ্ধি পাব পাৰে।

গৱেষকসকলৰ মতে বৰ্তমান প্রচলিত চিকিৎসা পদ্ধতিত গৰ্ভাৱস্থাৰ ২০ সপ্তাহৰ পিছত চেনি পৰীক্ষা কৰা হয়, যিটো বহু ক্ষেত্ৰত যথেষ্ট পলম হৈ যায়। এই সমস্যাৰ সমাধান কৰিবলৈ হ’লে আচল কামটো ছোৱালী সন্তানৰ শৈশৱৰ পৰাই আৰম্ভ কৰিব লাগিব। পশ্চিমীয়া দেশৰ স্বাস্থ্য নিৰ্দেশনা অনুসৰণ কৰাৰ পৰিৱৰ্তে ভাৰতীয়ৰ শাৰীৰিক গাঁথনি আৰু সামাজিক পৰিৱেশৰ লগত খাপ খোৱাকৈ নতুন চিকিৎসা পদ্ধতিৰ প্ৰয়োজন আছে। আমাৰ দেশৰ কন্যা সন্তানৰ স্বাস্থ্য আৰু সুষম খাদ্যৰ প্ৰতি বিশেষ গুৰুত্ব দিলেহে ভৱিষ্যৎ প্ৰজন্মক ডায়েবেটিছৰ দৰে ভয়াবহ ৰোগৰ পৰা ৰক্ষা কৰিব পৰা যাব।