NORTHEAST NOW (Assamese)
Popular Stories

কন্যাৰ জন্মদিনত ধুবুৰীৰ উপ আৰক্ষী অধীক্ষকে ক’ৰ’না প্ৰতিৰোধৰ বাবে আগবঢ়ালে ৪০ হাজাৰ টকা

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া April 3, 2020 3:08 pm

সমগ্ৰ বিশ্বৰ লগতে এতিয়া অসমতো ক’ৰ’না ভাইৰাছৰ সংক্ৰমণে ক্ৰমাৎ গুৰুতৰৰূপ ধাৰণ কৰিবলৈ আৰম্ভ কৰাৰ সময়তে ধুবুৰীৰ উপ আৰক্ষী অধীক্ষক ত্ৰিনয়ন ভূঞাই দিলে এক মহানুভৱতাৰ পৰিচয়।

নিজৰ চাৰিবছৰীয়া জীয়ৰী জিছা ভূঞাৰ জন্মদিনৰ দিনা আৰক্ষী বিষয়া গৰাকীয়ে ক’ৰ’না ভাইৰছৰ বিৰুদ্ধে যুঁজ দিবলৈ  ৰাজ্য চৰকাৰৰ আৰোগ্য নিধিলৈ আগবঢ়ায় ৪০ হাজাৰ টকাৰ সাহায্য।

কালি অৰ্থাৎ ২ এপ্ৰিলৰ দিনা আৰক্ষী বিষয়াগৰাকীয়ে ক’ৰ’নাৰ বিৰুদ্ধে যুঁজ দিবলৈ এই সাহায্য আগবঢ়ায়।

লকডাউনৰ সময়ত নিজকে ২৪ ঘণ্টা কৰ্তব্যৰ মাজত ব্যস্ত ৰাখিবলগীয়া হোৱা বাবে তেজপুৰৰ বাসগৃহলৈ গৈ জীয়ৰীৰ জন্মদিন উদযাপন কৰিব পৰা নাছিল ত্ৰিনয়ন ভূঞাই।

উল্লেখযোগ্য যে ক’ৰ’না ভাইৰাছ প্ৰতিৰোধৰ বাবে চৰকাৰৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই তেওঁৰ পূৰ্বেও ৰাজনৈতিক নেতা, শিল্পী, অভিনেতা, খেলুৱৈৰ পৰা আৰম্ভ কৰি বিভিন্নজনে ৰাজ্য চৰকাৰৰ এই নিধিলৈ সাহায্য আগবঢ়াইছে।