NORTHEAST NOW (Assamese)

চীনে আৱিষ্কাৰ কৰিলে বিশ্বৰ প্ৰথমটো নাকেৰে শুঙি গ্ৰহণ কৰিব পৰা ক’ৰ’ণাৰ ভেকচিন

September 13, 2020 9:41 am · এন ই নাও নিউজ

ক’ৰ’ণাৰ ভেকচিন আৱিষ্কাৰ কৰিবলৈ বিশ্বৰ প্ৰায় ১৭৬ খন দেশে নিজাববীয়াকৈয়েই হওক বা সন্মিলিত বাবেই হওক চেষ্টা অব্যাহত ৰাখিছে।

এইক্ষেত্ৰত পিছপৰি ৰোৱা নাই ক’ৰ’ণাৰ প্ৰথম সংক্ৰমণ আৰম্ভ হোৱা দেশ চীনো।

চীনে এতিয়া বিধে বিধে ভেকচিন আবিষ্কাৰ কৰি সেইবোৰৰ পৰীক্ষণ তথা বিপননৰ পৰিকল্পনা যুগুত কৰিছে।

বিশ্ববাসীক চমক দিব পৰাকৈ চীনে এইবাৰ আৱিষ্কাৰ কৰিছে কোভিডৰ নাকেৰে শুঙি গ্ৰহণ কৰিব পৰা ভেকচিন।

কোনো শাৰীৰিক কষ্ট নোহোৱাকৈ ল’ব পৰা এই ভেকচিন বিধ প্ৰস্তুত কৰি উলিয়াইছে হংকং বিশ্ববিদ্যালয়ে।

চীনৰ চৰকাৰে ইতিমধ্যে নাকেৰে শুঙি ল’ব পৰা এই ভেকচিন বিধ মানৱ দেহত পৰীক্ষণৰ অনুমতি প্ৰদান কৰিছে।

চীনৰ চৰকাৰী সংবাদপত্ৰ গ্ল’ৱেল টাইমছত প্ৰকাশিত বাতৰি অনুসৰি নাকেৰে শুঙি ল’ব পৰা এই ভেকচিনৰ পৰীক্ষণ আৰম্ভ হ’ব চলিত বৰ্ষৰ নৱেম্বৰ মাহৰ পৰা।

প্ৰথমে ১০০ গৰাকী স্বেচ্ছাসেৱকৰ দেহত এই ভেকচিন প্ৰয়োগ কৰি চোৱা হ’ব।

নাকেৰে শুঙি গ্ৰহণ কৰিব পৰা ভেকচিন বিধে ক’ৰ’ণাৰ লগতে ইনফ্লুয়েঞ্জাও প্ৰতিৰোধ কৰিবলৈ সক্ষম হ’ব বুলি দেশখনৰ বিজ্ঞানী সকলে দাবী কৰিছে।

Related News