NORTHEAST NOW (Assamese)

Taiwan: পেলোচিৰ পিছত আমেৰিকাৰ চিনেটৰৰ টাইৱান ভ্ৰমণ; ক্ষুব্ধ চীনে পুনৰ আৰম্ভ কৰিলে সামৰিক অনুশীলন

August 16, 2022 8:07 am · এন ই নাও নিউজ, গুৱাহাটী
ফটো: সংগৃহিত।

China holds military drills during a visit to Taiwan আমেৰিকা যুক্তৰাষ্ট্ৰৰ হাউছ অফ ৰিপ্ৰেজেন্টেন্টিভৰ অধ্যক্ষ নেন্সি পেলোচিৰ পিছত এইবাৰ দেশখনৰ আইন প্ৰণেতাসকলৰ এটা দলে টাইৱান ভ্ৰমণ কৰিছে। এই ঘটনাৰ পৰিপ্ৰেক্ষিতত চীনা সেনা বাহিনী পুনৰ সক্ৰিয় হৈ পৰিছে। টাইৱানৰ চাৰিওফালে সামৰিক অনুশীলন আৰম্ভ কৰি দিছে বেইজিঙে।

আমেৰিকান  কংগ্ৰেছৰ পাঁচজন সদস্যই দেওবাৰে দুদিনীয়া টাইৱান ভ্ৰমণলৈ আহিছে। তেওঁলোকক মেচাচুচেটছৰ চিনেটৰ এড মাৰ্কীয়ে নেতৃত্ব দিছে।

তেওঁ টাইৱানৰ ৰাষ্ট্ৰপতি টচাই ইং-ৱেনৰ সৈতে সোমবাৰে সাক্ষাৎ কৰে। আমেৰিকাই এই ভ্ৰমণৰ বিষয়ে আগতীয়াকৈ কোনো ঘোষণা কৰা নাছিল।

লগতে পঢ়ক: স্বাধীনতাৰ ৭৫ বছৰ আৰু পৰিৱেশৰ অধিকাৰ

পেলোচিৰ পিছত এই ভ্ৰমণক লৈ অতি ক্ষুব্ধ হৈ পৰিছে চীন। যুদ্ধৰ বাবে সাজু হ’বলৈ আকাৰে-ইংগিতে সতৰ্ক কৰি দিছে। তেওঁলোকৰ লক্ষ্য হৈছে স্ব-শাসিত টাইৱানক যিকোনো ধৰণে নিয়ন্ত্ৰণত ৰখা।

টাইৱানৰ ৰাষ্ট্ৰপতি টাচাইয়ে কয় যে তেওঁ দেশখনত স্থিতাৱস্থা বজাই ৰাখিব বিচাৰে। এই সন্দৰ্ভত তেওঁ ইউক্ৰেইনত ৰাছিয়াৰ আক্ৰমণৰ বিষয়টোও উত্থাপন কৰে। তেওঁ কয়, “ইয়াৰ পৰা এইটো স্পষ্ট যে আধিপত্যবাদী ৰাষ্ট্ৰসমূহ সমগ্ৰ বিশ্বৰ বাবে কিমান ভয়ানক।”

আনহাতে, চীনৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ মুখপাত্ৰ উ কিয়ানে কয়, “চীনৰ পিপলছ লিবাৰেচন আৰ্মীয়ে দেশখনৰ ৰাষ্ট্ৰীয় সাৰ্বভৌমত্ব, আঞ্চলিক অখণ্ডতা, ‘স্বাধীন টাইৱানবাদী’ বিচ্ছিন্নতাবাদ আৰু বিদেশী হস্তক্ষেপ প্ৰতিহত কৰিবলৈ নিৰন্তৰ যুদ্ধৰ বাবে অনুশীলন চলাই আছে আৰু প্ৰশিক্ষণ দিছে।”

লগতে পঢ়ক: স্বাধীনতাৰ সীমা

টাইৱানে অৱশ্যে চীনৰ এই পদক্ষেপক গৰিহণা দি কয়, “আমাৰ চুবুৰীয়া বেয়া বুলি আমি ভয় খাম, আমি বন্ধুসকলক আহিবলৈ নিদিম, এয়া উচিত নহ’ব। গণতান্ত্ৰিক টাইৱানে কিদৰে বন্ধুত্ব গঢ়িব সেয়া আধিপত্যবাদী চীনে  ঠিক কৰিব নোৱাৰে।‘’

Related News