NORTHEAST NOW (Assamese)

জনসংখ্যাৰ সংকটত চীন! তিনিটা সন্তান জন্ম দিয়া দম্পতীক ১৫০০ ডলাৰ দিব চীন চৰকাৰে

July 29, 2025 6:00 pm · নৰ্থ-ইষ্ট নাও

বিশ্বৰ দ্বিতীয় বৃহত্তম অৰ্থনীতি চীন দেশত অভাৱনীয়ভাবে হ্ৰাস পাইছে জন্মৰ হাৰ। যাৰ ফলত চীনত কমি গৈছে যুৱ মানৱ সম্পদ। সেইবাবে চীনে এতিয়া তিনিটা সন্তান জন্ম দিয়া দম্পতী সকলৰ বাবে ৰাজসাহায্যৰ ঘোষণা কৰিছে।

চীন চৰকাৰে ঘোষণা কৰিছে যে তিনিটি শিশু জন্ম দিয়া দম্পতীসকলক প্ৰতিটো শিশুৰ বাবে ৫০০ ডলাৰ বাৰ্ষিক ৰাজসাহায্য দিব। এই ৰাজসাহায্য তিনিটা শিশুৰ বাবে ১৫০০ ডলাৰ পৰ্যন্ত ল’ব পাৰি।

চীনত জন্মৰ হাৰ বৃদ্ধিৰ বাবে সোমবাৰে এই নীতি ঘোষণা কৰা হয়। চৰকাৰী সংবাদ মাধ্যমৰ মতে চীনৰ এই নীতিয়ে প্ৰায় ২ কোটি পৰিয়ালক সন্তানক ডাঙৰ-দীঘল কৰাত সহায় কৰিব।

জন্মৰ হাৰ বৃদ্ধিৰ বাবে চীনে প্ৰায় এদশক পূৰ্বে এটা সন্তান জন্ম দিয়াৰ নীতিৰ অন্ত পেলাইছে। ইয়াৰ পিছতো জন্মৰ হাৰ হ্ৰাস পাইয়েই আছে।

Related News