NORTHEAST NOW (Assamese)

“চীন আমাৰ শত্ৰু নহয়’’, কংগ্ৰেছ নেতাৰ মন্তব্যত বিতৰ্ক : প্ৰত্যুত্তৰ বিজেপিৰ

February 17, 2025 7:43 pm · এন ই নাও নিউজ, গুৱাহাটী
Updated: February 17, 2025 8:09 pm

“চীন ভাৰতৰ শত্ৰু নহয়। চীনৰ পৰা ভাৰতৰ কি ক্ষতি হ’ব পাৰে সেয়া স্পষ্ট হোৱা নাই।” এই বিস্ফোৰক মন্তব্য কংগ্ৰেছ নেতা ছেম পিট্ৰডাইৰ।

ভাৰতীয় বহিঃৰাজ্য কংগ্ৰেছৰ মুৰব্বী ছেম পিট্ৰডাইয়ে ইয়াৰ পূৰ্বেও কেইবাটাও বিতৰ্কিত মন্তব্য কৰিছিল।

কিছুদিন পূৰ্বে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আমেৰিকা ভ্ৰমণ কৰি আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পক সাক্ষাৎ কৰে। সেই প্ৰসংগ উল্লেখ কৰি পিট্ৰডক সোধা হৈছিল যে মোডী-ট্ৰাম্পে একত্ৰিত হৈ চীনৰ আগ্ৰাসন ৰোধ কৰিব পাৰিবনে? সেই প্ৰশ্নৰ উত্তৰত পিট্ৰডাই এই বিস্ফোৰক মন্তব্য কৰিছিল।

তেওঁৰ ভাষাত, “চীনে আমাৰ কি ক্ষতি কৰিব মই নাজানো। আচলতে আমেৰিকাৰ স্বভাৱ হল যিকোনো দেশক শত্ৰু বুলি লেবেল লগোৱা। সেই প্ৰেক্ষাপটতে চীনৰ সৈতে ভাৰতৰ শত্ৰুতাৰ বিষয়টো উত্থাপন হয়।”

ইয়াৰ লগতে, কংগ্ৰেছৰ জ্যেষ্ঠ নেতাগৰাকীয়ে আৰু কয় যে, “এতিয়া যুদ্ধ নহয়, প্ৰতিখন দেশেই একেলগে আগবাঢ়িব লাগে। আমি আৰম্ভণিৰে পৰা চীনৰ প্ৰতি যুদ্ধপ্ৰেমী মানসিকতা গঢ়ি তুলিছো। এই মানসিকতাই শত্ৰুৰ সৃষ্টি কৰে। এই মানসিকতা সলনি হোৱাৰ প্ৰয়োজন। চীনক আমাৰ শত্ৰু বুলি ভবাটো আমি বন্ধ কৰিব লাগিব।”

ইয়াৰ পিছতেই কংগ্ৰেছ নেতাগৰাকীৰ এই মন্তব্যক বিজেপিয়ে কংগ্ৰেছ আৰু গান্ধী পৰিয়ালক লক্ষ্য কৰি লোৱাৰ আহিলা হিচাপে ব্যৱহাৰ কৰিছে। বিজেপিৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ টুহিন সিনহাই কয় যে কংগ্ৰেছৰ যুগত চীনে ভাৰতৰ ৪০ হাজাৰ বৰ্গমিটাৰ মাটি দখল কৰিছিল। তথাপিও তেওঁলোকে অজগৰ চীনক বিপদজনক বুলি ভাবিব নোৱাৰে। ৰাহুল গান্ধী চীনৰ ওপৰত ইমানেই আপ্লুত যে আনকি তেওঁ চীনৰ প্ৰকল্প বেল্ট এণ্ড ৰোড প্ৰজেক্টৰ পোষকতা কৰিছে।” বিজেপিৰ আন এজন মুখপাত্ৰ প্ৰদীপ ভাণ্ডাৰীৰ মতে, কংগ্ৰেছে ভাৰতৰ স্বাৰ্থতকৈ চীনৰ স্বাৰ্থক অধিক গুৰুত্ব দিয়ে। তেওঁ ৰাহুলক চীনৰ হাতত পুতলা বুলিও ঠাট্টা কৰে।

Related News