NORTHEAST NOW (Assamese)

অৰুণাচল দখলৰ লক্ষ্যৰ পৰা আঁতৰি নাহে চীন, আমেৰিকাৰ প্ৰতিবেদনত চাঞ্চল্যকৰ দাবী

December 25, 2025 9:56 am · এন ই নাও নিউজ, গুৱাহাটী

অৰুণাচল প্ৰদেশক লৈ ভাৰত আৰু চীনৰ মাজত থকা দীৰ্ঘদিনীয়া বিবাদৰ মাজতে আমেৰিকাৰ পৰা এটা অতি গুৰুত্বপূৰ্ণ খবৰ পোহৰলৈ আহিছে। আমেৰিকাৰ প্ৰতিৰক্ষা বিভাগ পেন্টাগনে অলপতে দেশখনৰ কংগ্ৰেছত এখন প্ৰতিবেদন দাখিল কৰিছে য’ত কোৱা হৈছে যে চীনে অৰুণাচলৰ ওপৰত থকা নিজৰ দাবী কেতিয়াও পৰিত্যাগ নকৰে। বেইজিঙে সিদ্ধান্ত লৈছে যে তেওঁলোকে এই ভাৰতীয় ৰাজ্যখনক লৈ কোনো ধৰণৰ আপোচ নকৰে আৰু ভৱিষ্যতে অৰুণাচল দখল কৰাটোৱেই তেওঁলোকৰ এটা ডাঙৰ লক্ষ্য। আমেৰিকাৰ এই প্ৰতিবেদনৰ পিছতে এতিয়া আন্তঃৰাষ্ট্ৰীয় মহলত নতুন দিল্লী আৰু বেইজিঙৰ মাজত সংঘাত বৃদ্ধি পোৱাৰ সম্ভাৱনাই দেখা দিছে।

কেৱল অৰুণাচল প্ৰদেশেই নহয়, এই প্ৰতিবেদনত চীনৰ আন কেইবাটাও গুৰুত্বপূৰ্ণ পৰিকল্পনাৰ কথা উল্লেখ কৰা হৈছে। আমেৰিকাৰ দাবী অনুসৰি চীনৰ দৃষ্টি টাইৱান আৰু দক্ষিণ চীন সাগৰৰ ওপৰতো আছে। বেইজিঙে ২০৪৯ চনৰ ভিতৰত এই সকলোবোৰ অঞ্চল নিজৰ দখললৈ অনাৰ লক্ষ্য স্থিৰ কৰিছে আৰু সেই অনুসৰি তেওঁলোকে সামৰিক তথা ৰাজনৈতিক পৰিকল্পনা প্ৰস্তুত কৰিছে। এই প্ৰতিবেদনে দক্ষিণ এছিয়াৰ লগতে সমগ্ৰ বিশ্বৰ ভূ-ৰাজনীতিতে এক নতুন চিন্তাৰ সৃষ্টি কৰিছে।

উল্লেখ্য যে চীনে দীৰ্ঘদিনৰ পৰাই অৰুণাচল প্ৰদেশক তেওঁলোকৰ তিব্বতৰ অংশ বুলি দাবী কৰি আহিছে। ভাৰত আৰু চীনৰ মাজত উত্তেজনাৰ অন্যতম মূল কেন্দ্ৰবিন্দু হৈছে এই উত্তৰ-পূবৰ ৰাজ্যখন। চীনে প্ৰায়ে অৰুণাচলৰ বিভিন্ন ঠাইৰ নাম নিজাববীয়াকৈ সলনি কৰি নতুন মানচিত্ৰ প্ৰকাশ কৰে। আনকি যোৱা বছৰো তেওঁলোকে ৰাজ্যখনৰ ৩০ খন ঠাইৰ নামৰ এখন তালিকা প্ৰকাশ কৰিছিল। অৱশ্যে ভাৰত চৰকাৰে সদায় চীনৰ এনে অযুক্তিকৰ দাবী আৰু প্ৰচেষ্টাক কঠোৰভাৱে নাকচ কৰি আহিছে।

অৰুণাচল প্ৰদেশৰ ভৌগোলিক আৰু সামৰিক গুৰুত্ব অতি বেছি। এই ৰাজ্যখনে চীনৰ তিব্বত সীমান্তৰ সৈতে এক দীঘলীয়া সীমা ভাগ কৰে। বেইজিঙে ঐতিহাসিক কাৰণ দৰ্শাই এই ভূখণ্ড নিজৰ বুলি ক’ব বিচাৰে যদিও ভাৰতে ইয়াক দৃঢ়তাৰে অস্বীকাৰ কৰি আহিছে। কেৱল ভূমিৰ বিবাদেই নহয়, অৰুণাচলৰ জলসম্পদৰ ব্যৱহাৰক লৈও দুই দেশৰ মাজত উদ্বেগ বৃদ্ধি পাইছে। এনে পৰিস্থিতিত আমেৰিকাৰ শেহতীয়া প্ৰতিবেদনে ভাৰত আৰু চীনৰ মাজৰ সম্পৰ্ক অধিক জটিল কৰি তোলাৰ সম্ভাৱনা আছে।

Related News