NORTHEAST NOW (Assamese)

পুনৰ আগ্ৰাসী ৰূপত কোভিড, চীনৰ এখন প্ৰদেশত পুনৰ লকডাউন ঘোষণা

November 10, 2022 8:44 am · এন ই নাও নিউজ,গুৱাহাটী

কোভিডৰ সংহাৰ এতিয়াও কমা নাই। চীনত পুনৰ কোভিডে মূৰ দাঙি উঠিছে। এনে পৰিস্থিতিত কোভিড-১৯ৰ সংক্ৰমণ বৃদ্ধি পোৱাত ইয়াৰ প্ৰতিৰোধৰ বাবে চীনৰ গুয়াংঝৌ প্ৰদেশত লকডাউন ঘোষণা কৰা হৈছে।

বাতৰি অনুসৰি, প্ৰদেশ খনৰ প্ৰশাসনে ইয়াৰ বাসিন্দাসকলক জৰুৰী প্ৰয়োজন অবিহনে ঘৰতে সোমাই থকাৰ নিৰ্দেশনা জাৰি কৰিছে।

নিৰ্দিষ্ট সেৱাৰ বাহিৰে চহৰখনৰ পৰিবহন ব্যৱস্থা বন্ধ কৰি দিয়া হৈছে। এই লকডাউনৰ ফলত চহৰখনৰ প্ৰায় ৫ লাখ লোক গৃহবন্দী হৈ পৰিছে।

প্ৰদেশ খনত লকডাউনৰ খৱৰে স্বাভাৱিকতে উদ্বেগৰ সৃষ্টি কৰিছে।পুনৰ নতুন নিৰ্দেশনা নিদিয়ালৈ চহৰখনৰ এটি পৰিয়ালৰ এজন সদস্যই দুদিনৰ মূৰত অত্যাৱশ্যকীয় সামগ্ৰী ক্ৰয় কৰাৰ বাবে বাহিৰলৈ ওলাব পাৰিব।

বাতৰি অনুসৰি, বিগত ২৪ ঘন্টাত প্ৰদেশ খনত২,৫০০ ৰো অধিক লোকৰ দেহত কোভিড-১৯ ধৰা পৰিছে। প্ৰদেশ খনৰ বিদ্যালয়সমূহ অনিৰ্দিষ্ট কালৰ বাবে বন্ধ কৰি দিয়া হৈছে । গুয়াংঝৌৰ পৰা বেইজিং আৰু অন্যান্য মুখ্য চহৰলৈযাতায়াত কৰা সকলো বিমান বাতিল কৰা হৈছে বুলি কৰ্তৃপক্ষই জনাইছে।

Related News