NORTHEAST NOW (Assamese)

দুটা বিশেষ চৰ্ততহে ফিংগাৰ ৪ৰ পৰা আঁতৰিব চীন, ভাৰতে মানি নলয় কোনো চৰ্ত

October 30, 2020 9:14 am · এন ই নাও নিউজ
প্ৰতিনিধিত্বমূলক চিত্ৰ

ভাৰত আৰু চীনৰ মাজত চলি থকা সীমাকেন্দ্ৰিক বিবাদৰ এই পৰ্যন্ত কোনো সমাধান সূত্ৰ ওলোৱা নাই।

ইয়াৰ মাজতে এটা খবৰ ওলাইছে যে চীনে এই বিবাদ ওৰ পেলাবলৈ ভাৰতক দুটা বিশেষ চৰ্ত বান্ধি দিছে কিন্তু ভাৰতে এই চৰ্ত পোনচাটেই নাকচ কৰিছে।

ভাৰত-চীনৰ মাজত চলি থকা সীমাকেন্দ্ৰিক বিবাদৰ সমাধানৰ বাবে দুয়োখন দেশৰ শীৰ্ষ পৰ্যায়ৰ সেনা বিষয়াই এই পৰ্যন্ত সাতবাৰকৈ আলোচনাত মিলিত হৈছে।

সাতবাৰকৈ আলোচনা বিফল হোৱাৰ পিছত এইবাৰ পুনৰ ৩ নৱেম্বৰৰ পিছত দুয়োখন দেশৰ মাজত আলোচনা হোৱাৰ সম্ভাৱনা আছে।

ইয়াৰ মাজতে হিন্দুস্তান টাইমছে প্ৰকাশ কৰা বাতৰি অনুসৰি চীনে ভাৰতক দুটা চৰ্ত বান্ধি দিছে। প্ৰথম চৰ্ত অনুসৰি ভাৰতৰ সেনাই ফিংগাৰ ৩ লৈকে আৰু চীনা সৈন্যই ফিংগাৰ ৫ লৈকে পেট্ৰ’লিং কৰিব।

ইয়াৰ অৰ্থ এইটো যে চীনে নিজৰ লগতে ভাৰতৰো সীমা নিৰ্ধাৰণ কৰি দিছে।

আনহাতে দ্বিতীয়টো চৰ্ত মতে, যদি ভাৰতে এইটো চৰ্ত মানি লয় তেন্তে চীনে ফিংগাৰ ৪ৰ পৰা নিজৰ সৈন্য অপসাৰণ কৰিব।

চীনৰ দ্বিতীয়টো চৰ্তটোৱে এইটো বুজাইছে যে চীনে দখল কৰা বিবদমান ফিংগাৰ ৪ তেওঁলোকৰ অভিজ্ঞ অংগ। কিন্তু ভাৰতে এইধৰণৰ চৰ্ত কোনো পধ্যে মানি নলয় বুলি স্পষ্ট কৰি দিছে ৰঙা চীনক।

Related News