NORTHEAST NOW (Assamese)
অসম

বাংলাদেশক সহায়ৰ বাবে উপস্থিত চীনৰ ক’ৰ’না বিশেষজ্ঞ চিকিৎসকৰ দল

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ June 9, 2020 5:22 pm
1586435761_ppe new

ক’ৰ’নাৰ বিৰুদ্ধে বাংলাদেশৰ চলি থকা যুদ্ধত সহায় কৰাৰ বাবে চীনে ১০ জনীয়া এটা বিশেষজ্ঞৰ দল বাংলাদেশলৈ প্ৰেৰণ কৰিছে।

বাংলাদেশৰ বৈদেশিক পৰিক্ৰমা বিভাগৰ মুখপাত্ৰই এই কথা উল্লেখ কৰে।

চীনৰ বিশেষজ্ঞৰ দলটোৱে বাংলাদেশক ক’ৰ’না মহামাৰীৰ বিৰুদ্ধে যুঁজাৰ ক্ষেত্ৰত সহায় কৰিব।

‘‘চীনৰ বিশেষজ্ঞ দলটোৱে কোভিড-১৯ হাস্পাতাল, কোৱাৰেণ্টাইন কেন্দ্ৰৰ লগতে টেষ্টিং সুবিধা পৰ্যবেক্ষণ কৰিব,’’ বাংলাদেশৰ বৈদেশিক মন্ত্ৰ্যালয়ে প্ৰকাশ কৰে।

আনহাতে, চীনৰ দলটোৱে বাংলাদেশৰ চিকিৎসক সকলক ক’ৰ’না ভাইৰাছৰ বিৰুদ্ধে যুঁজাৰ ক্ষেত্ৰত সহায় কৰিব বুলিও জানিব পৰা গৈছে।

উল্লেখযোগ্য যে, প্ৰয়োজনীয় টেষ্টিং কিটৰ অভাৱৰ বাবে বাংলাদেশত বৰ্তমান সময়ত ক’ৰ’না পৰীক্ষাৰ ক্ষেত্ৰত সমস্যাই দেখা দিছে।

বাংলাদেশত জনবসতি অতি ঘন হোৱা বাবেও ক’ৰ’নাৰ সংক্ৰমণ দ্ৰুত গতিত বৃদ্ধি পাবলৈ ধৰিছে বুলি বিভিন্ন লোক মত প্ৰকাশ কৰিছে।