NORTHEAST NOW (Assamese)

চীনা সেনা বাহিনীয়ে সমৰ কলাত পটু সৈনিকক মোতায়েন কৰিব ভাৰত-চীন সীমান্তত!

June 29, 2020 4:45 pm · এন ই নাও নিউজ
Updated: June 29, 2020 4:49 pm
প্ৰতিনিধিত্বমূলক ফ'টো

পৰ্বতাৰোহণ পাৰ্গত আৰু সমৰ কলাত পটু সৈনিকক লাডাখ সীমান্তত মোতায়ন কৰিব চীনৰ পিপ’লছ লিবাৰেশ্যন আৰ্মিয়ে(পিএলএ)।

ভাৰতীয় সৈনিকেৰে সমুখ সমৰত সাহসেৰে অৱতীৰ্ণ হ’বলৈ ইতিমধ্যে চীনৰ পিএলএ তেনে যোদ্ধাক প্ৰশিক্ষণো প্ৰদান কৰিছে বুলি প্ৰকাশ কৰিছে চীনৰ সামৰিক বাহিনীৰ মুখপত্ৰ চাইনা নেশ্যনেল ডিফেন্স নিউজ-এ।

চাইনা নেশ্যনেল ডিফেন্স নিউজৰ এক বাতৰিৰ অনুসৰি ইতিমধ্যে লাল ফৌজে পাঁচটা নতুন মিলিটেৰী ডিভিজনো গঢ়ি তুলিছে।

বাতৰিৰ মতে উক্ত ডিভিজনবোৰত চীনৰ সমৰ কলাৰ শিক্ষাৰ্থী-প্ৰশিক্ষক আৰু ২০০৮ বৰ্ষৰ বেইজিং অলিম্পিকত অংশগ্ৰহণকাৰী খেলুৱৈ আৰু পৰ্বতাৰোহীৰ সদস্যমূহক অন্তৰ্ভুক্ত কৰা হৈছে।

চাইনা নেশ্যনেল ডিফেন্স নিউজৰ বাতৰিৰ মতে যোৱা ১৫ জুনত উক্ত মিলিটাৰী ডিভিজন কেইটা তিব্বতৰ ৰাজধানী লাছাত উপস্থিত হৈছে।

লাছাত ডিভিজনকেইটাৰ পৰ্বতাৰোহণৰ লগতে সমৰ কলাত পাৰ্গত সদস্যসকলক ৰখা হৈছে।

লাডাখৰ প্ৰকৃত নিয়ন্ত্ৰণ ৰেখা(এলএচি)ত নিয়োজিত টহলদাৰী চীনা সৈন্যসকলক লাছালৈ নি উক্ত ডিভিজনৰ সদস্যসকলে কংফু আৰু টাইকোৱানণ্ডোৰ লগতে পৰ্বতাৰোহণৰ প্ৰশিক্ষণ দি আছে বুলি প্ৰকাশ কৰিছে চাইনা নেশ্যনেল ডিফেন্স নিউজএ।

ভাৰত আৰু চীনৰ মাজত ১৯৯৬ আৰু ২০০৬ চনত স্বাক্ষৰিত দ্বিপাক্ষিক চুক্তি অনুসৰি সীমান্তৰ প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাৰ দুই কিলোমিটাৰৰ ভিতৰত দুই পক্ষৰ সেনাই কোনো ধৰণৰ আগ্নেয়াস্ত্ৰ ব্যৱহাৰ কৰিব নোৱাৰে।

ইয়াৰ ফলত সীমান্তত হোৱা সংঘৰ্ষসমূহত লাঠি ৰ’ড আদি ব্যৱহাৰ কৰা দেখা গৈছে।

আনকি যোৱা ১৫ জুনৰ ৰক্তক্ষয়ী সংঘৰ্ষত চীনা সৈন্যই কাঁটা তাঁৰ সংলগ্ন লাঠি আৰু ৰ’ডেৰে ভাৰতীয় সৈন্যক আক্ৰমণ কৰিছিল।

সামৰিক বিশেষজ্ঞসকলৰ মতে অদূৰ ভৱিষ্যতে ছিকিম আৰু অৰুণাচল প্ৰদেশৰ চীন-ভাৰত সীমান্তৰ এলএচিত চীনা সৈন্যক ৰক্তক্ষয়ী সংঘৰ্ষৰ বাবে প্ৰস্তুত কৰিবলৈ লাছাত চীনা সৈন্যক এইদৰে প্ৰশিক্ষণ প্ৰদান কৰা হৈছে।

Related News