NORTHEAST NOW (Assamese)

ক’ৰ’নাৰ উৎপত্তিস্থল য়ুহানত দুমাহৰ পিছত ল’কডাউন উঠাই ল’লে চীন চৰকাৰে

March 25, 2020 3:12 pm · এন ই নাও নিউজ
ল'কডাউন চলি থকা অৱ্স্থাত চীনৰ য়ুহান চহৰ, সৌজন্য- ইন্টাৰনেট

সমগ্ৰ বিশ্বতে নৰসংহাৰী ৰূপ ধাৰণ কৰা মাৰাত্মক ক’ৰ’না ভাইৰাছৰ উৎপত্তিস্থল চীনৰ য়ুহান চহৰত অব্যাহত থকা ল’কডাউন দুমাহৰ পিছত উঠাই লৈছে চীন চৰকাৰে।

উল্লেখ্য যে চীনৰ হুবাই প্ৰদেশৰ য়ুহান চহৰত যোৱা ডিচেম্বৰ মাহত উৎপত্তি হোৱা মাৰাত্মক ক’ৰ’না ভাইৰাছে চীনত নৰ সংহাৰ কৰাৰ পিছত সমগ্ৰ বিশ্বতে সংক্ৰমণ ঘটি মহামাৰী ৰূপ ধাৰণ কৰিছে।

এই মাৰাত্মক ভাইৰাছত চীনৰ প্ৰায় ৮০,০০০ হাজাৰো অধিক লোক আক্ৰান্ত হোৱাৰ বিপৰীতে ৩,২০০ লোক মৃত্যু ঘটে।

যোৱা কিছুদিনত এই ভাইৰাছ সংক্ৰমণ সম্পূৰ্ণ ৰোধ কৰিবলৈ সক্ষম হোৱা বুলি দাবী কৰি চীন চৰকাৰে কৈছে যোৱা ১৯ মাৰ্চৰ পিছৰ পৰা দেশখনত এজনো লোক ক’ৰ’না ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হোৱা নাই।

ক’ৰ’না ভাইৰাছৰ সংক্ৰমণৰ বাবে চীন চৰকাৰে যোৱা ২৩ জানুৱাৰীৰ পৰা অহা ৮ এপ্ৰিললৈকে চহৰখনত সম্পূৰ্ণ ল’কডাউন ঘোষণা কৰিছিল।

চীনৰ ৰাষ্ট্ৰপতি জি জিনপিঙে যোৱা ১০ মাৰ্চত য়ুহান চহৰ ভ্ৰমণ কৰি পৰিস্থিতি বুজ লোৱাৰ পিছত এতিয়া চীন চৰকাৰে চহৰখনৰ ল’কডাউন উঠাই লোৱাৰ সিদ্ধান্ত লৈছে বুলি সংবাদ মাধ্যমত প্ৰকাশ পাইছে।

বিশ্ব স্বাস্থ্য সংস্থা(WHO)ৰ মতে ইতিমধ্যে প্ৰদেশখনৰ কোৱাৰেণ্টাইন ব্যৱস্থা প্ৰায় বন্ধ কৰা হৈছে।

চীনৰ চৰকাৰী সূত্ৰত প্ৰকাশ যে যোৱা এমাহত ১৫,০০০ হাজাৰ কোৱাৰেণ্টাইন কৰা লোকৰ মাজৰ এজনো লোকৰ শৰীৰত ক’ৰ’না ভাইৰাছৰ উপস্থিতি ধৰা নপৰাৰ বাবে লোকসকল নিজ গৃহলৈ পঠিয়াই দিয়া হৈছে।

স্থানীয় সংবাদ প্ৰতিষ্ঠানৰ বাতিৰ মতে সেইসকল লোকক স্বাস্থ্য বিভাগৰ পৰা ‘গ্ৰীণ কোড’ প্ৰমাণ পত্ৰ প্ৰদান কৰি ঘৰলৈ যাবলৈ দিয়া হৈছে।

Related News