NORTHEAST NOW (Assamese)

নেপালৰ প্ৰধান মন্ত্ৰীৰ গাদী সুৰক্ষিত কৰি ৰখাৰ বাবে তৎপৰ কাঠমাণ্ডুস্থিত চীনা ৰাষ্ট্ৰদূত

July 7, 2020 9:42 pm · এন ই নাও নিউজ
Updated: July 7, 2020 9:44 pm
চীনা ৰাষ্ট্ৰদূত, উৎস-ইণ্টাৰনেট

চীনৰ ৰাষ্ট্ৰদূত হউ য়াংকিয়ে মঙলবাৰে নেপাল কমিউনিষ্ট পাৰ্টিৰ নেতা ঝালা নাথ খানালক সাক্ষাৎ কৰে।

সংকটত পৰা নেপালৰ প্ৰধান মন্ত্ৰী কে পি শৰ্মা অ’লিৰ গাদী সুৰক্ষিত কৰি ৰখাৰ বাবে চীনৰ ৰাষ্ট্ৰদূতে প্ৰচেষ্টা অব্যাহত ৰাখিছে।

হউ য়াংকিয়ে বিগত সপ্তাহত নেপালৰ ৰাষ্ট্ৰপতি বিদ্যা দেৱী ভাণ্ডাৰী আৰু নেপাল কমিউনিষ্ট পাৰ্টিৰ জেষ্ঠ নেতা মাধৱ কুমাৰ নেপালকো সাক্ষাৎ কৰিছিল।

বৰ্তমানলৈ হউ য়াংকি আৰু অলিক চাপত ৰখা বিৰোধী নেতা প্ৰচণ্ডৰ মাজত কোনোধৰণৰ বৈঠক অনুষ্ঠিত হোৱা নায়। প্ৰচণ্ডই প্ৰধান মন্ত্ৰী অ’লিৰ বিৰুদ্ধে চলা বিদ্ৰোহৰ নেতৃত্ব বহন কৰিছে।

কিন্তু চীনৰ হেচাৰ পাছতো প্ৰচণ্ডই কিমান সময়লৈ অ’লিৰ বিৰুদ্ধে বিদ্ৰোহ চলাই ৰাখিব পাৰে সেয়া সময়তহে দেখা যাব।

নেপালত প্ৰধান মন্ত্ৰী অ’লিৰ গাদীৰ প্ৰতি শংকাৰ সৃষ্টি হোৱাৰ পাছতে চীনা ৰাষ্ট্ৰদূত হউ য়াংকিয়ে নেপালৰ আভ্যন্তৰীণ ৰাজনীতিত সক্ৰিয় হৈ উঠিছে।

আনহাতে, নেপাল চৰকাৰৰ তৰফৰ পৰা চীনা ৰাষ্ট্ৰদূতৰ নেপাল কমিউনিষ্ট পাৰ্টৰ নেতা সকলৰ সৈতে হোৱা বৈঠক সমৰ্থন কৰি চীনে নেপালৰ কমিউনিষ্ট পাৰ্টি বিপদত পৰাটো নিবিচাৰে বুলি কয়।

চীনৰ লগতে ভাৰতেও নেপালৰ আভ্যন্তৰীণ ৰাজনীতিৰ উত্থান পতনত তীক্ষ্ন দৃষ্টি ৰাখিছে।

Related News