NORTHEAST NOW (Assamese)

ওহানত ক’ৰ’ণা ভাইৰাছে সৃষ্টি কৰা ভয়াৱহ ছবিখন বিশ্ববাসীৰ সন্মুখত দাঙি ধৰাৰ বাবেই মহিলা সাংবাদিকক কাৰাদণ্ড

December 29, 2020 5:56 pm · এন ই নাও নিউজ

চীনৰ ওহানত প্ৰথমে উৎপত্তি হৈ সমগ্ৰ বিশ্বতে বিয়পি পৰা ক’ৰ’ণা ভাইৰাছৰ সৃষ্টি ওহানতে হৈছিল বুলি বিভিন্ন মহলে দাবী কৰি অহাৰ সময়তে ওহানৰ ক’ৰ’ণাকালৰ ছবি খন বিশ্ববাসীক জনাই আইনৰ ৰোষত পৰিছে এগৰাকী মহিলা সাংবাদিক।

ঝাং ঝান  নামৰ মহিলা সাংবাদিক গৰাকীক ওহানক ক’ৰ’ণাতংকৰ ফলত সৃষ্টি হোৱা পৰিস্থিতি বিশ্ববাসীৰ ওচৰত দাঙি ধৰাৰ বাবেই ৪ বছৰৰ কাৰাদণ্ড বিহা হৈছে।

মহিলা সাংবাদিক গৰাকীয়ে ওহানত ক’ৰ’ণা ভাইৰাছৰ সংক্ৰমণ আৰম্ভ হোৱাৰ সময়তে সেই ঠাইলৈ গৈছিল আৰু ক’ৰ’ণাতংকৰ বাবে অঞ্চলটোত সৃষ্টি হোৱা চূড়ান্ত দুৰ্দশাৰ ছবিখন লেখা আৰু আলোকচিত্ৰৰে প্ৰকাশ কৰিছিল।

সেই সময়ত কিদৰে প্ৰশাসনে মানুহক বলপূৰ্বক ঘৰৰ ভিতৰতাৱদ্ধ কৰি ৰাখিছিল, কিদৰে জনশূন্য হৈ পৰিছিল দোকান-পোহাৰ আদি সকলো কথাই সাংবাদিক গৰাকীয়ে কেমেৰাত আৱদ্ধ কৰাৰ লগতে বিভিন্ন আন্তঃৰাষ্ট্ৰীয় চেনেলত এই বিষয়ে সাক্ষাৎকাৰো প্ৰকাশ কৰিছিল।

ওহানত ক’ৰ’ণাৰ প্ৰথম সংক্ৰমণ ৰোধ কৰাত চীনৰ চৰকাৰ ব্যৰ্থ হোৱাৰ ছবিখন সাংবাদিক গৰাকীয়ে উদঙাই দিয়াত সফল হৈছিল।

এই কথাতে ক্ষুদ্ধ হৈ পৰা চৰকাৰে সাংবাদিক ঝাং ঝানক গ্ৰেপ্তাৰ কৰিছিল আৰু আজি ছাংহাইৰ এখন আদালতে সাংবাদিক ঝাং ঝানক চাৰি বছৰৰ কাৰাদণ্ডৰে দণ্ডিত কৰে।

আদালতে চিটিজেন জাৰ্নালিষ্টগৰাকীৰ বিৰুদ্ধে ৰায়দান কৰি কয় যে সাংবাদিক গৰাকীয়ে ওহানত ক’ৰ’ণা সংক্ৰমণৰ ফলত সৃষ্টি হোৱা পৰিবেশ বিশ্বৰ সন্মুখত ভুলকৈ আৰু অতিৰঞ্জিত ভাবে প্ৰচাৰ কৰিছে।

উল্লেখ্য ইয়াৰ পূৰ্বেও চীনৰ চৰকাৰে বহু কেইগৰাকী সাংবাদিকক একে অভিযোগতে গ্ৰেপ্তাৰ কৰিছে।একেদৰে চীনৰ ভাইৰ’লজিষ্ট লী মেং য়ানে

ক’ৰ’ণা ভাইৰাছ সম্পৰ্কে বহু গোপন তথ্য ফাদিল কৰি দিয়াৰ বাবে তেওঁকো চীনৰ চৰকাৰে বিচাৰি ফুৰিছে।

এইগৰাকী মহিলা ভাইৰ’লজিষ্ট য়ানেই প্ৰথমবাৰৰ বাবে বিশ্ববাসীক জনাই দিছিল যে ক’ৰ’ণা ভাইৰাছ প্ৰকৃতিয়ে সৃষ্টি কৰা ভাইৰাছ নহয়।

এই ভাইৰাছ সৃষ্টি কৰা হৈছে চীনৰ ওহানৰ গৱেষণাগাৰত।

ওহানৰ গৱেষণাগাৰৰ পৰাই সমগ্ৰ বিশ্বত বিয়পি পৰিছে মাৰাত্মক ক’ৰ’ণা ভাইৰাছ।

ব্ৰিটেইনৰ এটা টেলিভিছন চেনেলৰ ‘লুজ ৱমেন’ শীৰ্ষক অনুষ্ঠানত চীনা ভাইৰ’লজিষ্টগৰাকীয়ে ওহানৰ গৱেষণাগাৰতে ক’ৰ’ণা ভাইৰাছ সৃষ্টি কৰা হৈছিল বুলি প্ৰকাশ কৰাৰ পিছতে তেওঁৰ জীৱনলৈ আহি পৰে চৰম ভাবুকি।

ফলত আত্মগোপন কৰিবলৈ বাধ্য হয় তেওঁ।

Related News