NORTHEAST NOW (Assamese)

শহাপহু বুলি গুলী কৰিছিল চিকাৰীয়ে, গুলীত মৃত্যু হ’ল সাধাৰণ নাগৰিকৰ

April 19, 2023 8:34 am · এন ই নাও নিউজ, গুৱাহাটী

শুকুৰবাৰে চীনৰ জিয়াংছি প্ৰদেশত সংঘটিত হৈছে এই ঘটনা। শহাপহু চিকাৰীৰ গুলীত মৃত্যু হৈছে এজন সাধাৰণ নাগৰিকৰ।

শুকুৰবাৰে আবেলি হাতত বন্দুক লৈ চিকাৰলৈ গৈছিল চাৰিজন চিকাৰী। তেওঁলোকে জংঘলৰ মাজত এটা খাদৰ ওচৰত কিহবাৰ গতি বিধি দেখি শহা পহু বুলি ঠাৱৰ কৰি গুলী কৰে। কিন্তু দুৰ্ভাগ্যজনকভাবে সেয়া শহা পহু নাছিল। সেয়া আছিল খাদটোত মাছ ধৰি থকা ৱাং মৌজিন নামৰ এজন সাধাৰণ নাগৰিক।

চিকাৰীয়ে চিকাৰ বুলি লক্ষ্য কৰি নিক্ষেপ কৰা এয়াৰ গানৰ গুলী ৱাঙৰ মূৰতে লাগে আৰু মাছ ধৰি থকা ৱাঙৰ মৃত্যু হয়।

উল্লেখ্য যে চীনত বন্দুক ব্যৱহাৰক লৈ কঠোৰ নিয়ম আছে। তাৰপিছতো সেই চিকাৰী চাৰিজনে চিকাৰৰ বাবে ক’ৰ পৰা বন্দুক লাভ কৰিলে সেয়া লক্ষ্যনীয়।

ইয়াৰ পিছতে আৰক্ষী সেই স্থানত উপস্থিত হৈ চিকাৰী চাৰিজনক গ্ৰেপ্তাৰ কৰে। আৰক্ষীয়ে ইতিমধ্যে তদন্ত অব্যাহত ৰাখিছে।

ৱাঙৰ মৰণোত্তৰ পৰীক্ষাত নিৰ্ণয় কৰা হয় যে পানীত ডুব যোৱাৰ ফলতহে ৱাঙৰ মৃত্যু হৈছে।

এই ঘটনাক লৈ চীনৰ ছ’চিয়েল মিডিয়াত ব্যাপক চৰ্চা হৈছে। ৱেইবত এগৰাকী নেটিজেনে লিখিছে এই দেশৰ মানুহৰ হাতত বন্দুক থকাটো কেনেকৈ সম্ভৱ?”

আন এজনে কয় যে মই ভাবিছিলো যে এইটো আমেৰিকাই প্ৰচাৰ কৰা খবৰ।

চীনত চিকাৰৰ অনুমতি পত্ৰ প্ৰদান কৰা হয় যদিও চীনত বন্দুকৰ মালিকীস্বত্ব বহুলাংশে সামৰিক, আইন প্ৰয়োগকাৰী আৰু নিৰাপত্তাৰক্ষীৰ মাজত হে সীমাবদ্ধ।

তথাপিও জিনঝৌ আৰক্ষীয়ে এক বিবৃতিত কয় যে বৰ্তমান চীনে এনেধৰণৰ অপৰাধৰ বিৰুদ্ধে তিনিবছৰীয়া দেশজোৰা অভিযান চলাইছে।

জিয়াংছিৰ দৰে প্ৰদেশত স্থানীয় চীনা শহাপহু খাদ্যৰ এটা সাধাৰণ উৎস।

Related News