NORTHEAST NOW (Assamese)

ধনৰ বিনিময়ত শিক্ষাৰ্থীক শুক্ৰাণু দান কৰিবলৈ আহ্বান জনালে চীনে

September 26, 2023 2:49 pm · এন ই নাও নিউজ, গুৱাহাটী
প্রতিনিধিত্বমূলক ফটো: সংগ্ৰহীত।

বিগত এটা দশক ধৰি চীনত জন্মৰ হাৰ উদ্বেগজনকভাৱে হ্ৰাস পাইছে। এই পৰিস্থিতিত জন্মৰ হাৰ বৃদ্ধিৰ উদ্দেশ্যে চীনৰ হেনান প্ৰদেশৰ হিউমেন স্পাৰ্ম বেংকে বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থসকলক ধনৰ বিনিময়ত শুক্ৰাণু দান কৰিবলৈ আহ্বান জনাইছে।

ছ’চিয়েল মিডিয়া উইব’ত শুক্ৰাণু বেংকে প্ৰকাশ কৰিছে যে পৰিবেশ প্ৰদূষণ আৰু কৰ্মৰ চাপৰ বাবে দেশৰ শুক্ৰাণুৰ সামগ্ৰিক মান অৱনতি ঘটিছে। যাৰ বাবে বহু দম্পতীয়ে বন্ধ্যাত্বত ভুগিছে।

লগতে পঢ়ক: চাই ল’ম, ফেপেৰি পাতিছে পুটিনে! ৰাছিয়াৰ ৱাণ্টেড লিষ্টত এইবাৰ আইচিচিৰ প্ৰেছিডেন্টৰ নাম

সংস্থাটোৰ ভাষাত “ৰক্তদানৰ দৰে শুক্ৰাণু দানো এক মানৱীয় কাৰ্য্য। ই বন্ধ্যা দম্পতীৰ বাবে এটা ভাল খবৰ কঢ়িয়াই আনিব পাৰে। সেয়ে বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থী সকলক শুক্ৰাণু দান কৰি এই সমাজলৈ অৰিহণা যোগাবলৈ আহ্বান জনালোঁ।‘’

জানিব পৰা মতে, প্ৰতিবাৰে শুক্ৰাণু দানৰ বিনিময়ত এজন ছাত্ৰই ভাৰতীয় মুদ্ৰাত প্ৰায় ৩০০০ টকা পাব। আনকি দুমাহত ২০ বাৰতকৈ অধিক শুক্ৰাণু দান কৰাসকলক অতিৰিক্ত ৩২ হাজাৰ টকা দিয়া হ’ব।

লগতে পঢ়ক: গুৱাহাটী ৰেষ্টুৰেণ্টত ভাতৰ থালীত মৰা জেঠী; দেখি চকু কপালত উঠিল গ্ৰাহকৰ, দিলে এজাহাৰ

তদুপৰি, শুক্ৰাণু দান কৰা শিক্ষাৰ্থীক প্ৰমাণ পত্ৰও প্ৰদান কৰা হ’ব। আনকি দুজনক বিজয়ী নিৰ্বাচিত কৰা হ’ব। শুক্ৰাণুৰ সংখ্যা সৰ্বাধিক থকা এজন আৰু শক্তিশালী শুক্ৰাণু থকা এজনক নিৰ্বাচন কৰা হ’ব।

Related News