NORTHEAST NOW (Assamese)

অৰুণাচল প্ৰদেশত চীনা গাঁও স্থাপন; সদৌ অৰুণাচল ছাত্ৰ সন্থাৰ চীনৰ বিৰুদ্ধে প্ৰতিবাদ

January 21, 2021 7:36 pm · এন ই নাও নিউজ

অৰুণাচল প্ৰদেশৰ উজনি সোঁৱণশিৰি জিলাত চীনে গাঁও স্থাপন কৰাক লৈ বৃহস্পতিবাৰে সদৌ অৰুণাচল প্ৰদেশ ছাত্ৰ সন্থাই চীনৰ সম্প্ৰসাৰণবাদী নীতিৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে।

সদৌ অৰুণাচল প্ৰদেশ ছাত্ৰ সন্থাই এইক্ষেত্ৰত শীঘ্ৰে কেন্দ্ৰ চৰকাৰে উচিত পদক্ষেপ গ্ৰহণ কৰাৰ বাবেই আহ্বান জনায়।

সোমবাৰে অৰুণাচল প্ৰদেশৰ আভ্যান্তৰত চীনে ১০১ টা ঘৰ নিৰ্মাণেৰে গাঁও স্থাপন কৰাৰ বাতৰি প্ৰকাশ হোৱাৰ পাছতে অৰুণাচল প্ৰদেশ ছাত্ৰ সন্থাই প্ৰতিবাদী কাৰ্য্যসূচী গ্ৰহণ কৰে।

অৰুণাচল প্ৰদেশ ছাত্ৰ সন্থাৰ অধ্যক্ষ হাৱা বাগাঙে অৰুণাচল প্ৰদেশ ভাৰতৰ অভিন্ন অংগ হিচাপে উল্লেখ কৰাৰ লগতে ৰাজ্যৰ সকলো নাগৰিক গৌৰৱিত ভাৰতীয় বুলি কয়।

‘‘যদিহে দেশে বিচাৰে অৰুণাচল প্ৰদেশৰ যুৱ সমাজে দেশৰ প্ৰতিৰক্ষাৰ বাবে হাতত মৰাণাস্ত্ৰ তুলি লবলৈয়ো বদ্ধপৰিকৰ,’’ হাৱা বাগাঙে লগতে কয়।

সদৌ অৰুণাচল ছাত্ৰ সন্থাৰ উপৰিও বৃহস্পতিবাৰে উজনি সোৱণশিৰি জিলা বাসীয়ো চীনৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি চীনা ৰাষ্ট্ৰপতি ঝি ঝিনপিঙৰ পুত্তলিকা দাহ কৰে।

Related News