NORTHEAST NOW (Assamese)

মাজুলী বিধানসভা উপ নিৰ্বাচনত অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী হ’ব চিত্তৰঞ্জন বসুমতাৰী

February 15, 2022 1:37 pm · জাহ্নৱী বৰুৱা, গুৱাহাটী

মাজুলীৰ উপ নিৰ্বাচনৰ বাবে অসম জাতীয় পৰিষদে তেওঁলোকৰ প্ৰাৰ্থীৰ নাম ঘোষণা কৰিছে।

মাজুলী উপ নিৰ্বাচনত অজাপৰ প্ৰাৰ্থী হ’ব চিত্তৰঞ্জন বসুমতাৰী।

পাঁচ গৰাকী প্ৰাৰ্থিত্ব প্ৰত্যাশীয়ে দলৰ প্ৰাৰ্থিত্বৰ বাবে আৱেদন কৰিছিল।

লগতে পঢ়ক: নাইজেৰিয়ান কোকেইন সৰবৰাহকাৰীৰে কি সম্পৰ্ক অসমৰ মাৰোৱাৰী ব্যৱসায়ীৰ?

অজাপৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে কয় যে ‘বিভিন্ন দিশ পৰ্যালোচনা কৰি আমি প্ৰাৰ্থিত্ব প্ৰদান কৰিলো।‘

বিজেপিয়ে ভূমি কেলেংকাৰীৰ সৈতে জড়িত লোকক প্ৰাৰ্থিত্ব প্ৰদান কৰিছে বুলি অভিযোগ কৰে লুৰীণজ্যোতি গগৈয়ে।

গগৈয়ে কংগ্ৰেছ, ৰাইজৰ দল তথা বাওঁপন্থী দলসমূহক মাজুলীত প্ৰাৰ্থী প্ৰক্ষেপ নকৰাৰ বাবে ধন্যবাদ জ্ঞাপন কৰে।

Related News