NORTHEAST NOW (Assamese)

জাম্বিয়াত কলেৰাই প্ৰাণ কাঢ়িছে প্ৰায় ৬ শতাধিক লোকৰ : ৩.৫ টন সাহায্য সামগ্ৰী প্ৰেৰণ ভাৰতৰ

February 7, 2024 9:16 am · এন ই নাও নিউজ, গুৱাহাটী
Updated: February 7, 2024 8:01 am

আফ্ৰিকাৰ এখন দেশ জাম্বিয়াত কলেৰা মহামাৰীয়ে প্ৰাণ কাঢ়িছে শ শ লোকৰ। জানিব পৰা মতে এতিয়ালৈকে প্ৰায় ৬০০ ৰো অধিক লোকে এই মহামাৰীত আক্ৰান্ত হৈ মৃত্যুক সাৱটি লৈছে। 

দেশখনৰ ৯ খন প্ৰদেশত বিয়পি পৰা এই মহামাৰীত ৬০০ লোকৰ মৃত্যু হোৱাৰ উপৰিও এতিয়াও প্ৰায় ১৫ হাজাৰ লোক আক্ৰান্ত হৈ আছে। 

উল্লেখ্য যে ২০২৩ চনৰ শেষৰ ফালে দেশখনৰ ৰাজধানীত এই ৰোগ বিয়পি পৰাৰ কথা জানিবলৈ পোৱা গৈছিল। প্ৰায় ৩০ লাখ লোক বাস কৰা এই চহৰখনৰ বাসিন্দা সকল বৰ্তমান কলেৰাৰ আতংকত ভুগিছে। 

ইতিমধ্যে জাম্বিয়ালৈ বিশ্বৰ বিভিন্ন দেশে প্ৰেৰণ কৰিছে আৰ্থিক আৰু চিকিৎসা সাহায্য। ভাৰতেও দেশখনলৈ ৩.৫ টন চিকিৎসা সামগ্ৰী প্ৰেৰণ কৰিছে। এই সামগ্ৰী সমূহৰ ভিতৰত আছে ফিল্টাৰ, ক্ল’ৰিনৰ বড়ি, অ’ আৰ এছ আদি।

এই ৰোগৰ সংক্ৰমণ ৰোধ কৰাৰ উদ্দেশ্যে দেশৰ চৰকাৰে ইতিমধ্যে প্ৰতিষেধক দিয়া আৰম্ভ কৰিছে। 

Related News