NORTHEAST NOW (Assamese)

ধাবাৰ ফ্ৰীজত উদ্ধাৰ সুন্দৰী যুৱতীৰ ক্ষত-বিক্ষত মৃতদেহ, অভিযুক্তক গ্ৰেপ্তাৰ

February 15, 2023 7:00 am ·
Updated: February 14, 2023 7:56 pm

পুনৰ এক নৃশংস হত্যাকাণ্ড জোকাৰি গৈছে দেশৰ ৰাজধানী দিল্লী। দিল্লীৰ নজাফাগড়ৰ মিতৰাৱন গাঁৱৰ উপকণ্ঠৰ এখন ধাবাৰ পৰা উদ্ধাৰ কৰা হৈছে এগৰাকী যুৱতীৰ ক্ষত-বিক্ষত মৃতদহে।

আৰক্ষীয়ে প্ৰকাশ কৰা অনুসৰি অঞ্চলটোৰ এখন ধাবাৰ এটা ফ্ৰীজৰ পৰা এগৰাকীৰ ২২ বছৰীয়া যুৱতীৰ খণ্ডিত মৃদেহটো উদ্ধাৰ কৰা হৈছে। আৰক্ষীয়ে মৃত যুৱতীগৰাকীক কাশ্মীৰী গেট আই এছ বি টিৰ সমীপৰ নিকি যাদৱ বুলি চিনাক্ত কৰা হৈছে।

ইফালে হত্যাকাণ্ডটোৰে জড়িত থকাৰ অভিযোগত চাহিল গেহলট (২৬) নামৰ এগৰাকী যুৱকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। আৰক্ষী সূত্ৰৰ মতে, অভিযুক্ত চাহিলে নিকিক ডিঙি চেপি হত্যা কৰি মৃতদেহটো খণ্ডিত কৰি নিজৰ ধাবাৰে এটা ফ্ৰীজত লুকুৱাই ৰাখে। আৰক্ষীয়ে ফ্ৰীজৰ পৰা খণ্ডিত মৃতদেহটো উদ্ধাৰ হোৱাৰ পাছতে মংগলবাৰে অভিযুক্ত চাহিল গেহলটক গ্ৰেপ্তাৰ কৰি ঘটনাৰ সন্দৰ্ভত জেৰা অব্যাহত ৰাখিছে।

প্ৰকাশ পোৱা মতে অভিযুক্তৰ চাহিল আৰু মৃত নিকিৰ মাজত প্ৰেমৰ সম্পৰ্ক আছিল। অভিযুক্তই তেওঁৰ বিবাহৰ প্ৰস্তাৱ নাকচ কৰাৰ বাবেই যুৱতীগৰাকীক হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছে।

উল্লেখ্য যে, কিছুদিন পূৰ্বে দিল্লীত সংঘটিত দেশ কঁপাই জোৱা শ্ৰদ্ধা ৱাকাৰ হত্যাকাণ্ডৰ সৈতে এই হত্যাকাণ্ডৰ যথেষ্ট সাদৃশ্য দেখা আছে।

Related News