NORTHEAST NOW (Assamese)
চলচ্চিত্ৰ

ৱেব ছিৰিজৰ পৰা চলচ্চিত্ৰলৈ : অহা ১২ জুনত চিত্ৰগৃহত মুক্তি পাব ‘চুপা চুপি খণ্ড ২’

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী April 30, 2026 4:19 pm

দৰ্শকৰ বিপুল সঁহাৰি আৰু জনপ্ৰিয়তাৰ পিছত হিট ৱেব ছিৰিজ চুপা চুপিৰ দ্বিতীয় খণ্ড এতিয়া সম্পূৰ্ণ কাহিনীচিত্ৰ হিচাপে চিত্ৰগৃহলৈ আহিবলৈ সাজু হৈছে। অহা ১২ জুন তাৰিখে চুপা চুপি খণ্ড ২ছবিখন চিনেমা হলত মুক্তি পাব।

বৰ্তমান ছবিখনৰ সমগ্ৰ কলা-কুশলী দলটো প্ৰচাৰ অভিযানত অতি ব্যস্ত হৈ পৰিছে। যোৱা বুধবাৰে ছবিখনৰ লগত জড়িত অভিনেতা আৰু কলা-কুশলীসকল ঐতিহাসিক শিৱসাগৰৰ শিৱদৌলত উপস্থিত হয় আৰু ছবিখনৰ সফলতা কামনা কৰি ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনায়।

এই ছবিখনৰ কাহিনী লিখাৰ লগতে পৰিচালনা কৰিছে প্ৰণৱ ভৰালীয়ে। আনহাতে এটলাছ ক্ৰিয়েচন আৰু এন কে মিডিয়াৰ বেনাৰত ছবিখন প্ৰযোজনা কৰিছে ঋষিকেশ পাটগিৰিয়ে। ছবিখনত সুন্দৰ অভিনয় কৰিছে কমল লোচন, সপ্তৰ্ষি গগৈ, জিৎ কলিতা, কৌশিক ভৰদ্বাজ, হিমাংশু প্ৰসাদ দাস, স্নিগ্ধা গগৈ আৰু বৈভৱী গোস্বামীয়ে।

এখন সফল ৱেব ছিৰিজৰ পৰা মূলসুঁতিৰ চিনেমালৈ হোৱা এই যাত্ৰা সঁচাকৈয়ে এক বিৰল আৰু উল্লেখযোগ্য পদক্ষেপ। ছবিখনৰ অভিনেতা আৰু প্ৰযোজকসকলে অসমৰ ৰাইজক এই ছবিখনক আকোৱালি লবলৈ আৰু চিনেমা হললৈ গৈ মৰম দিবলৈ বিনম্ৰ অনুৰোধ জনাইছে।