NORTHEAST NOW (Assamese)

প্ৰশ্নকাকত ফাদিল: প্ৰাক্তন ডিআইজি পি কে দত্তৰ ঘনিষ্ঠ এজনক গ্ৰেপ্তাৰ চিআইডিৰ

September 27, 2020 6:56 am · অভিক চক্ৰৱৰ্তী
প্ৰতিনিধিত্বমূলক ফটো

অসম আৰক্ষীৰ অপৰাধ অনুসন্ধান শাখাই (চিআইডি) শনিবাৰে আৰক্ষীৰ উপ-পৰিদৰ্শকৰ পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল কেলেংকাৰিৰ সৈতে জড়িত এজন লোকক তিনিচুকীয়াৰ পৰা গ্ৰেপ্তাৰ কৰে।

গ্ৰেপ্তাৰ কৰা লোকজনক জয়দেৱ বৰুৱা বুলি চিনাক্ত কৰা হৈছে আৰু প্ৰশ্নকাকত ফাদিলৰ ঘটনাত বৰ্তমান বিচাৰি থকা অসম আৰক্ষীৰ প্ৰাক্তন ডিআইজি পি কে দত্তৰ তেওঁ সোঁহাতস্বৰূপ আছিল বুলি জানিব পৰা গৈছে।

অসম আৰক্ষীৰ উপ-পৰিদৰ্শকৰ নিযুক্তিৰ বাবে নিৰ্দ্ধাৰিত তাৰিখত লিখিত পৰীক্ষা অনুষ্ঠিত হোৱাৰ পূৰ্বে  প্ৰশ্নকাকত ফাদিল হৈছিল।

চিআইডিয়ে ইতিমধ্যে মূল অভিযুক্ত পি কে দত্তৰ বাসগৃহ আৰু হোটেলত তালাচী চলাইছে যদিও প্ৰাক্তন আৰক্ষী বিষয়াগৰাকী পলাতক হৈ আছে।

এই কেলেংকাৰিত সৈতে জড়িত থকাৰ অভিযোগত আৰক্ষীয়ে ইতিমধ্যে ১৩জন লোকক গ্ৰেপ্তাৰ কৰিছে।

উক্ত চক্ৰৰ সৈতে প্ৰতিজন অভিযুক্তকে গ্ৰেপ্তাৰ কৰিবলৈ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে দিয়া নিৰ্দেশৰ পাছত প্ৰশ্নকাকত ফাদিলৰ ঘটনাৰ সৈতে জড়িতসকলৰ বিৰুদ্ধে অসম আৰক্ষীয়ে ব্যাপক অভিযান চলাইছে।

আৰক্ষী সূত্ৰই জানিবলৈ দিয়া মতে জয়দেৱ বৰুৱাৰ নিযুক্তি কেলেংকাৰিটোৰ মূল অভিযুক্ত পলাতক প্ৰাক্তন আৰক্ষী উপ-মহাপৰিদৰ্শক প্ৰশান্ত কুমাৰ দত্তৰ সৈতে ঘনিষ্ঠ সম্পৰ্ক আছে।

Related News