NORTHEAST NOW (Assamese)

চি আই ডিৰ জিম্মাত আজি অন্তিমটো দিন শ্যামকানু-সিদ্ধাৰ্থৰ : কোন কাৰাগাৰত ৰখা হ’ব দুই অভিযুক্তক?

October 14, 2025 12:58 pm · এন ই নাও নিউজ, গুৱাহাটী

আজি চি আই ডিৰ জিম্মাৰ অন্ত পৰিল জুবিন গাৰ্গ হত্যাৰ অভিযুক্ত শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাৰ। মুঠ ১৪ দিন নিজৰ জিম্মাত ৰাখি জেৰা চলালে চি আই ডিয়ে।

হয়তো আজি দুয়োকে মুখ্য ন্যায়িক দণ্ডাধীশৰ সন্মুখত হাজিৰ কৰা হ’ব। দণ্ডাধীশে ন্যায়িক জিম্মা মঞ্জুৰ কৰিলে কাৰাগাৰলৈ প্ৰেৰণ কৰা হ’ব শ্যামকানু আৰু সিদ্ধাৰ্থক। কিন্তু তেওঁলোকক কোনখন কাৰাগাৰত ৰখা হ’ব তাকে লৈ চৰ্চা চলিছে।

বিশেষকৈ তেওঁলোকৰ সুৰক্ষাক লৈ আৰক্ষী আৰু প্ৰশাসন শংকিত হৈ পৰিছে। গতিকে, তেওঁলোকক অসমৰ কাৰাগাৰতে ৰখা হ’ব নে আন ৰাজ্যৰ কাৰাগাৰলৈ প্ৰেৰণ কৰা হ’ব তাকে লৈ প্ৰশ্ন উত্থাপন হৈছে।

এছ আই টিয়ে দুয়োকে পুনৰ নিজৰ জিম্মাত ল’বলৈ আবেদন জনাব যদিও আদালতে সেই আবেদন মানি লয় নে নলয় সেয়া অনিশ্চিত হৈ আছে।

উল্লেখ্য যে শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাক বিএনএছৰ ১০৬(১), ১০৫, ৬১(২), আৰু ১০৩ ধাৰাত গ্ৰেপ্তাৰ কৰা হৈছে। ইতিমধ্যে ছিংগাপুৰৰ পৰা অহা পাঁচজন অসমীয়া প্ৰবাসী অসমীয়াক জেৰা কৰা হৈছে।

Related News