NORTHEAST NOW (Assamese)

নাগালেণ্ডত ভুৱা মাৰ্কশ্বিটৰ ৰমৰমীয়া বেহা চলোৱা অসমৰ তিনিজন লোকক গ্ৰেপ্তাৰ

March 25, 2021 8:37 pm · এন ই নাও নিউজ

নাগালেণ্ডত মেট্ৰিক পৰীক্ষাকে ধৰি আন বহু পৰীক্ষাৰ ভুৱা মাৰ্কশ্বিট যোগান ধৰা এটা চক্ৰ অৱশেষত আৰক্ষীৰ জালত পৰিল।

আজি চিআইডি আৰু বিশেষ তদন্তকাৰী গোটে অভিযান চলাই অসমৰ বিভিন্ন অঞ্চলৰ পৰা তিনি জন লোকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।

নাগালেণ্ড আৰক্ষীৰ সূত্ৰই প্ৰকাশ কৰা অনুসৰি ভুৱা মাৰ্কশ্বিট যোগান ধৰা চক্ৰটোৱে গুৱাহাটীৰ পৰাই অনলাইনৰ জৰিয়তে এই কাম কৰি আহিছিল।

গ্ৰেপ্তাৰ হোৱা লোক কেইজন তথ্য প্ৰযুক্তিৰ ক্ষেত্ৰ খনৰ সৈতে জৰিত বুলি নাগালেণ্ড আৰক্ষীৰ সূত্ৰটোৱে প্ৰকাশ কৰিছে।

ধৃত লোক কেইজনক ক্ৰমে মহিবুৰ ৰছিদ চৌধুৰী,ৰাহুল সেন আৰু জিন্না ৰাজ্জাকী বুলি চিনাক্ত কৰা হৈছে।

আজি আৰক্ষীয়ে বেলতলা অঞ্চলৰ পৰা মূল অভিযুক্ত মহিবুৰ ৰছিদ চৌধুৰীক গ্ৰেপ্তাৰ কৰে।

আৰক্ষীয়ে আজি ভুৱা মাৰ্কশ্বিট যোগান ধৰা চক্ৰটোৰ বিৰুদ্ধে গুৱাহাটীৰ উপৰি কোকৰাঝাৰতো অভিযান চলায়।

অভিযানৰ সময়ত আৰক্ষীয়ে ধৃত লোক কেইজনৰ পৰা বহু পৰিমাণৰ ভুৱা মাৰ্কশ্বিট উদ্ধাৰ কৰিবিলৈ সক্ষম হয়।

Related News