সংঘাত জৰ্জৰিত মণিপুৰত শান্তিৰ আহ্বান গুৱাহাটীত অনুষ্ঠিত নাগৰিক সভাৰ

বৃহস্পতিবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত যোৱা কিছুদিন ধৰি মণিপুৰত কুকি-মেইটেই জনগোষ্ঠীৰ মাজত হৈ থকা নৃগোষ্ঠীয় সংঘাতক লৈ শান্তিৰ আহ্বানেৰে এখন নাগৰিক সভা অনুষ্ঠিত হয়।
মানৱ অধিকাৰ কৰ্মী লাচিত বৰদলৈৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাৰ উদ্দেশ্য বাখ্যা কৰে আয়োজক অংকুৰ তামুলী ফুকনে। দিল্লীৰ দি ৱ্যায়াৰৰ সাংবাদিক সংগীতা বৰুৱা পিছ’ৰাটিয়ে সংঘাত জৰ্জৰিত মণিপুৰ ভ্ৰমণৰ অভিজ্ঞতা আৰু এই সংঘাতত ৰাষ্টৰ ভূমিকা সম্পৰ্কে আলোচনা কৰে।
লগতে পঢ়ক: বিতৰ্কিত কিৰেন ৰিজিজুৰ বৰ্ণাঢ্য কেৰিয়াৰ! কিয় তেওঁ হেৰুৱাবলগীয়া হ’ল আইন মন্ত্ৰালয়?
গুৱাহাটী আই আই টিৰ অধ্যাপক প্ৰফেচৰ কিপজেনে সংঘাতৰ কাৰণৰ লগতে কুকিসকলক লৈ চলা বিভিন্ন উৰাবাতৰি সম্পৰ্কে বাখ্যা কৰে। NSGU ৰ প্ৰতিনিধি উপস্থিত থকা সভাখনত সকলো পক্ষকে হিংসা পৰিহাৰ কৰি আলোচনাৰ মাজেৰে সংঘাত মৰিষণৰ আহ্বান জনায়।
আলফা আলোচনীপন্থী গোটৰ নেতা অনুপ চেতিয়াই উত্তৰ পূৱৰ বিভিন্ন সম্প্ৰদায়ৰ মাজত শান্তিৰ বাবে ৰাষ্ট্ৰৰ লগতে জনসাধাৰণৰ অংগ্ৰহণৰ কথা উনুকিয়ায়। অধিবক্তা কিশোৰ কলিতাই ভূমি সমস্যা আৰু সংঘাত, হৰেশ্বৰ বৰ্মনে বিভিন্ন সংঘাত আৰু ৰাষ্ট্ৰৰ ভূমিকাৰ লগতে শান্তিৰ আহ্বান জনায়।
কেইবাটাও সংগঠনৰ প্ৰতিনিধি উপস্থিত থকা সভাখনত অধিবক্তা, বিশিষ্ট নাগৰিক, ছাত্ৰ- ছাত্ৰী উপস্থিত থাকে। বিভিন্ন বক্তাই সকলো পক্ষকে হিংসা পৰিহাৰ কৰি আলোচনাৰ মাজেৰে সমস্যা সমাধানৰ আহ্বান জনায়।
লগতে পঢ়ক: মণিপুৰত ঘটা হিংসাত্মক ঘটনাত অসম নাগৰিক সমাজৰ উদ্বেগ প্ৰকাশ
শেষত নাগৰিক সভাই মণিপুৰত শান্তিৰ আহ্বান জনায় আৰু কিছু প্ৰস্তাৱ গ্ৰহণ কৰে। সভাই এই সংঘাতত চৰকাৰৰ ভূমিকাক লৈয়ো খেদ প্ৰকাশ কৰাৰ লগতে এক অনুসন্ধানৰ দাবী জনায়। তদুপৰি, সকলো জনগোষ্ঠীকে শান্তিৰ বাতাবৰণ ৰক্ষা কৰিবলৈ আহ্বান জনায়।