NORTHEAST NOW (Assamese)

আমেৰিকাত প্ৰৱেশ কৰিব নোৱাৰিব ১২ খনকৈ দেশৰ নাগৰিকে : নতুন নীতি ড’নাল্ড ট্ৰাম্পৰ

June 9, 2025 5:22 pm · নৰ্থ-ইষ্ট নাও, গুৱাহাটী

আজিৰে পৰা আমেৰিকাত প্ৰৱেশ কৰিব নোৱাৰিব ১২খনকৈ দেশৰ নাগৰিকে। ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে জাৰি কৰা এই ভ্ৰমণ নিষেধাজ্ঞা সোমবাৰৰ পৰা কাৰ্যকৰী হৈছে।

যোৱা সপ্তাহত ট্ৰাম্পে এই নিৰ্দেশত স্বাক্ষৰ কৰিছিল, যত ১২খন দেশৰ নাগৰিকৰ আমেৰিকাত প্ৰৱেশ সম্পূৰ্ণৰূপে নিষিদ্ধ কৰা হৈছে।

আফগানিস্তান, ম্যানমাৰ, চাড, কংগো ৰিপাব্লিক, ইকুৱেটৰিয়েল গিনি, ইৰিত্ৰিয়া, হাইটি, ইৰাণ, লিবিয়া, ছোমালিয়া, চুডান আৰু য়েমেনৰ নাগৰিকৰ বাবে এই নিষেধাজ্ঞা আৰোপ কৰা হৈছে।

একে সময়তে আমেৰিকাত সাতখন দেশৰ লোকৰ প্ৰৱেশ আংশিকভাৱে নিষিদ্ধ কৰা হৈছে। এই দেশসমূহ হল – বুৰুণ্ডি, কিউবা, লাওছ, ছিয়েৰা লিয়ন, টগো, তুৰ্কমেনিস্তান আৰু ভেনিজুৱেলা।

Related News