NORTHEAST NOW (Assamese)
অসম

অসমৰ অগ্নিগৰ্ভা পৰিস্থিতিৰ মাজতে ৰাজ্যসভাত গৃহীত হ’ল নাগৰিকত্ব সংশোধনী বিধেয়ক

Posted by: এন ই নাও নিউজ December 11, 2019 8:46 pm
Amit Shah

সমগ্ৰ অসম জুৰি তীব্ৰ প্ৰতিবাদ চলি থকাৰ মাজতে আজি ৰাজ্য সভাত তীব্ৰ বিতৰ্কৰ অন্তত  নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত হয়।

অসমীয়াৰ প্ৰতিবাদক কোনোধৰণৰ গুৰুত্ব নিদি ১০ ডিচেম্বৰত লোকসভাত বিধেয়কখন গৃহীত কৰাৰ পাছতে আজি কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে ৰাজ্যসভাত নাগৰিকত্ব সংশোধনী বিধেয়কখন উত্থাপন কৰে।

অমিত শ্বাহে ৰাজ্যসভাত বিধেয়কখন উত্থাপন কৰাৰ পাছতে প্ৰায় ৬ ঘণ্টা জুৰি ইয়াৰ ওপৰত তীব্ৰ বিতৰ্ক হয়।

বিভিন্ন ৰাজনৈতিক দলৰ প্ৰতিনিধিৰ মাজত তীব্ৰ বিতৰ্কৰ অন্তত অনুষ্ঠিত হোৱা ভোটদানত বিধেয়কখনৰ সপক্ষে ১২৫ টা আৰু বিপক্ষে ১০৫ টা ভোটেৰে বিধেয়কখন গৃহীত হয়।

শিৱসেনাই ভোটদানৰ মাজতে ৱাক আউট কৰে।

উল্লেখযোগ্য যে, নাগৰিকত্ব সংশোধনী বিধেয়কখন ৰাজ্যসভাত উত্থাপন কৰাৰ দিনটোত প্ৰতিবাদৰ জুইৰে ভৰি পৰে সমগ্ৰ গুৱাহাটী মহানগৰীকে ধৰি অসমৰ বিভিন্ন অঞ্চল।