NORTHEAST NOW (Assamese)
অসম

দীপাৱলীত উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ ভংগ : মহানগৰীত ১০০ জন লোকক আটক আৰক্ষীৰ

Posted by: এন ই নাও নিউজ November 11, 2018 10:10 am
Diwali-750x375

শব্দ প্ৰদূষণৰ সৃষ্টি কৰি উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ ভংগ কৰাৰ অপৰাধত দীপাৱলীৰ সময়ত মহানগৰ আৰক্ষীয়ে গুৱাহাটীৰ বিভিন্ন স্থানৰ পৰা ১০০জন লোকক গ্ৰেপ্তাৰ কৰিছে।

মহানগৰ আৰক্ষী আয়ুক্ত প্ৰদীপ শালৈয়ে এই সন্দৰ্ভত জানিবলৈ যে ন্যায়ালয়ৰ নিৰ্দেশ ভংগ কৰাৰ অভিযোগত আৰক্ষীয়ে ১৫টা গোচৰ ৰুজু কৰিছে।

জানিব পৰা মতে দিল্লী আৰক্ষীয়েও দিল্লীত দীপাৱলীৰ কেইদিনত ন্যায়ালয়ৰ নিৰ্দেশ ভংগ কৰাৰ অপৰাধত ৩১০জন লোকক গ্ৰেপ্তাৰ কৰিছে। দিল্লী আৰক্ষীয়ে ভাৰতীয় দণ্ডবিধিৰ ১৮৮ ধাৰাত ইতিমধ্যে ৫৬২টা গোচৰ ৰুজু কৰিছে।

সেই একেই ধাৰাত গুৱাহাটীতো মহানগৰ আৰক্ষীয়ে ১০০জন লোকক গ্ৰেপ্তাৰ কৰিছে। উক্ত ধাৰাৰ অধীনত এমাহৰপৰা ছয় মাহ পৰ্যন্ত কাৰাৱাস তথা জৰিমনা বিহাৰ আইনগত ব্যৱস্থা আছে।

উল্লেখযোগ্য যে যোৱা ২৩ অক্টোবৰত এটা গুৰুত্বপূৰ্ণ ৰায়ত উচ্চতম ন্যায়ালয়ে কৈছিল যে দীপাৱলীত কেৱল ৰাতি ৮ বজাৰ পৰা ১০ বজালৈকেহে ফটকা ফুটাব পাৰিব। একাংশ লোকে দীপাৱলীত অবিবেচনাৰে অতি মাত্ৰা ফটকা ফুটাই পৰিৱেশ প্ৰদূষণ আৰু শব্দৰ প্ৰদূষণ সৃষ্টি কৰাৰ প্ৰতি লক্ষ্য ৰাখি দেশৰ উচ্চতম ন্যায়ালয়ে এই ধৰণৰ কিছুমান প্ৰতিবন্ধকতা আৰোপ কৰিছিল।

তদুপৰি, নিৰ্দেশটোত দীপাৱলীত আতচবাজি ফুটোৱাৰ সময় ৰাতি ৮ বজাৰ পৰা ১০ বজালৈ নিৰ্দ্ধাৰণ কৰি কোৱা হৈছিল যে কোনো অঞ্চলত এই নিয়ম উলংঘা হ’লে তাৰ বাবে দায়ী হ’ব সংশ্লিষ্ট অঞ্চলটো যি আৰক্ষী থানাৰ অধীনত পৰে তাৰ ভাৰপ্ৰাপ্ত বিষয়াজন।