NORTHEAST NOW (Assamese)

১২ দিন ধৰি নিৰুদ্দিষ্ট হৈ থকা ‘ভাবী’ ন্যায়াধীশক অৱশেষত উদ্ধাৰ!

August 19, 2025 5:15 pm · এন ই নাও নিউজ, গুৱাহাটী

অৱশেষত উদ্ধাৰ হৈছে মধ্যপ্ৰদেশৰ পৰা ৰহস্যজনকভাৱে নিৰুদ্দিষ্ট হোৱা অৰ্চনা তিৱাৰী। ২৯ বছৰীয়া দেৱানী ন্যায়াধীশ হোৱাৰ সপোন দেখা অৰ্চনা ইন্দোৰৰ পৰা কাটনীলৈ যোৱা ৰেলত উঠিছিল।কিন্তু অৰ্চনা হঠাতে ট্ৰেইনৰ পৰা নিৰুদ্দিষ্ট হৈ পৰে। শেহতীয়াকৈ জানিব পৰা মতে গোৱালিয়ৰত কৰ্মৰত এজন কনিষ্টবলৰ সৈতে অৰ্চনাৰ নিয়মীয়া যোগাযোগ আছিল। যাৰ বাবে তেওঁকো সোধা-পোছা কৰা হৈছিল।

যদিও অৰ্চনাৰ অৱস্থাৰ বিষয়ে কোনেও মুকলিকৈ কোৱা নাই, তথাপিও যুৱতীগৰাকীৰ ভাতৃ দিব্যাংশু মিশ্ৰই সংবাদ মাধ্যমৰ আগত নিশ্চিত কৰে যে যুৱতীগৰাকী জীয়াই আছে। আৰক্ষীয়ে অতি সোনকালে সমগ্ৰ বিষয়টো ৰাজহুৱা কৰিব। ভোপাল ৰেলৱে সংমণ্ডলৰ আৰক্ষী অধীক্ষক ৰাহুল কুমাৰ লোধাই কয় যে তেওঁলোকে কিছু গুৰুত্বপূৰ্ণ তথ্য লাভ কৰিছে। অৱশ্যে এই সন্দৰ্ভত তেওঁ আৰু কোনো সবিশেষ নিদিলে। বিশেষ সূত্ৰৰ পৰা জানিব পৰা মতে, অৰ্চনাই মাতৃৰ সৈতে কথা পাতি স্পষ্টকৈ কয় যে তেওঁ কত আছে। ইতিমধ্যে ৰেল আৰক্ষীৰ এটা দল যুৱতীগৰাকীক আনিবলৈ ওলাই গৈছে।

আইনৰ স্নাতক অৰ্চনা ইন্দোৰৰ ন্যায়াধীশ পদৰ বাবে প্ৰস্তুতি চলাই থকা এগৰাকী যুৱতী।তেওঁ যোৱা ৭ আগষ্টত ইন্দোৰ-বিলাসপুৰ নৰ্মদা এক্সপ্ৰেছত যাত্ৰা কৰিছিল। নিশা ১০:১৫ বজাত যেতিয়া ৰেলখন ভোপাল পালে, শেষবাৰৰ বাবে মাকৰ লগত ফোনত কথা পাতিলে। তেতিয়াৰ পৰা অৰ্চনাক বিচাৰি পোৱা নাছিল। উমৰিয়া ষ্টেচনত আৰক্ষীয়ে তেওঁৰ বেগ উদ্ধাৰ কৰে। মোবাইলৰ স্থান অনুসৰি অৰ্চনাৰ শেষ স্থান আছিল ৰাণী কমলাপতি ষ্টেচন। ইটাৰছি ষ্টেচনৰ আগতে বহুদিন ইণ্টাৰনেটৰ সৈতে সংযুক্ত হৈ আছিল ফোনটো। দীঘলীয়া ইণ্টাৰনেট কলৰ অন্তত ফোনটোৰ ইণ্টাৰনেট সংযোগ বিচ্ছিন্ন হোৱা বুলি অনুমান কৰা হৈছে।

বিভিন্ন ষ্টেচনত প্ৰায় ৯৭টা কেমেৰাৰ ফুটেজ পৰীক্ষা কৰিছে আৰক্ষীয়ে। অৰ্চনাক উদ্ধাৰৰ বাবে নিয়োগ কৰা হৈছিল তিনিটা আৰক্ষীৰ দল। বুধনী আৰু বৰখেডাৰ গাতে লাগি থকা হাবি আৰু পাহাৰ পৰীক্ষা কৰিও আৰক্ষীয়ে যুৱতীগৰাকীৰ কোনো সন্ধান পোৱা নাছিল। স্নিফাৰ ডগ আৰু ড্ৰনৰ সহায় লোৱা হল যদিও কোনো লাভ নহল। অৱশ্যে অৱশেষত অৰ্চনাক বিচাৰি পোৱা বুলি কোৱা হয়।

Related News