NORTHEAST NOW (Assamese)
Popular Stories

আদালতত পোছাকবিধি মানি নচলাৰ বাবে অধিবক্তাক ধমক দেশৰ মুখ্য ন্যায়াধীশ চন্দ্ৰচূড়ৰ

Posted by: এন ই নাও নিউজ, নতুন দিল্লী Updated by: এন ই নাও নিউজ, নতুন দিল্লী July 20, 2024 12:47 pm

আপোনাৰ বেণ্ড ক’ত? আদালতত ফেশ্বন পেৰেড চলি আছে নেকি?’ আদালত কক্ষত ক’লা কোটৰ লগতে অধিবক্তাসকলে ‘নেকবেণ্ড’ পিন্ধাটোও বাধ্যতামূলক। কিন্তু, শুকুৰবাৰে এগৰাকী অধিবক্তাই ডিঙিত বেণ্ড নিপিন্ধাকৈয়ে উচ্চতম ন্যায়ালয়ৰ আদালত কক্ষলৈ আহিছিল। যাৰ বাবে তেওঁ মুখ্য ন্যায়াধীশৰ কঠোৰ তিৰস্কাৰৰ সন্মুখীন হ’বলগীয়া হয়।

চৰম অস্বস্তিৰ অৱস্থাত অধিবক্তাগৰাকীয়ে উত্তৰ দিয়ে, “মই খৰখেদা কৰি অহাৰ বাবে নেকবেণ্ড পিন্ধিবলৈ সময় নাপালো।” কিন্তু সেই কথাত বৰফ নগলিল।

মুখ্য ন্যায়াধীশ চন্দ্ৰচূড়ে স্পষ্টকৈ বুজাই দিলে যে অধিবক্তাই আদালতৰ নূন্যতম অনুশাসন মানি চলিব লাগিব।

মুখ্য ন্যায়াধীশ চন্দ্ৰচূড়ে কয়, ‘ক্ষমা কৰিব, উপযুক্ত সাজ-পোছাক পৰিধান কৰি নাহিলে আপোনাৰ গোচৰৰ শুনানি গ্ৰহণ কৰা মোৰ বাবে সম্ভৱ নহয়।‘

উল্লেখ্য যে অধিবক্তাসকলৰ পোছাকবিধি সম্পৰ্কে বাৰ কাউন্সিল অফ ইণ্ডিয়াৰ স্পষ্ট নিৰ্দেশিকা আছে।

নিয়ম অনুসৰি উচ্চতম ন্যায়ালয়, উচ্চ ন্যায়ালয়, জিলা আদালত, সত্ৰ আদালত, ন্যায়াধিকৰণ আদালত সকলোতে অধিবক্তাই ক’লা-বগা পোছাক, নেকবেণ্ড, ক’লা কোট পৰিধান কৰাটো বাধ্যতামূলক। এই ড্ৰেছ কোড পুৰুষ আৰু মহিলা উভয়ৰে ক্ষেত্ৰত সমানে প্ৰযোজ্য।